নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত দুৰ্ঘটনা…

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত দুৰ্ঘটনা…

author-image
asomiyapratidin
New Update
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত দুৰ্ঘটনা…

প্ৰতিদিন সংবাদ ,নামৰূপ: নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ এশ মেগৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পত মঙলবাৰে নিশা প্ৰায়  ১০.৩৫ বজাত লিউব (lube) অইল  পৰিবাহী পাইপ ফাটি ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। শক্তি উৎপাদন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা প্ৰাপ্ত  তথ্য মতে কালি নিশা  ১০.৪০  বজাত  এন  আৰ পি পি ৰ   ( নামৰূপ ৰিপ্লেচ মেণ্ট পাৱাৰ প্ৰজেক্ট )প্ৰকল্প গৃহত দহ মিটাৰ উচ্চতাত অৰ্থাৎ  প্ৰথম মহলত থকা  লুব অইল পৰিবাহী পাইপ   হঠাৎ ফাটি  যায়।

Advertisment

তীব্ৰ গতি বেগত তেল পৰিবাহিত পাইপ ফাটি  সমগ্ৰ তেল  ভূমিৰ পৰা চাৰি মিটাৰ উচ্চতাত থকা  ষ্টীম তাৰবাইনৰ ওচৰৰ হট জ'ন এৰিয়াত প্ৰচণ্ড বেগত পৰাৰ ফলত  দপ দপ কৈ জুই জ্বলি যায়।   তেল বৈ যোৱাৰ সমান্তৰাল ভাৱে জুইয়ো যেনি তেনি বিয়পি যায়।   লগে লগে  সাৰ উদ্যোগ আৰু এ পি এলৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত তৎক্ষণাত  নিৰ্বাপক বাহিনী উপস্থিত হৈ  দুঘণ্টা   নিৰন্তৰ চেষ্টা কৰাৰ অন্তত অৱশেষত  জুই নুমোৱাবলৈ সক্ষম হয়।

অগ্নিকাণ্ডত ষ্টীম টাৰবাইনটোৰ কিছু ক্ষতি হৈছে বুলি কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰিছে।আনহাতে জুইত ষ্টীম টাৰবাইনৰ সংযোগী বিভিন্ন কেবোল, বিভিন্ন সহকাৰী অংশ জ্বলি  ধংশ হৈ গৈছে বুলিও জানিব পৰা গৈছে।  উল্লেখৰ প্রয়োজন যে  কালি নিশা প্ৰায় ৮.৩০ বজাত প্ৰকল্পটো চলি থকা অৱস্থাতে গেছ বুষ্টাৰ  কৰ্মপ্ৰেছৰৰ লুব (lube) অইল  পৰিবাহী পাইপত  তেল  নি:সৰণ   কৰা  প্ৰত্যক্ষ কৰে।

ফলশ্ৰুতিত টাৰবাইনদুটা  বন্ধ কৰি উক্ত যন্ত্ৰঅংশৰ মেৰামতিৰ কাম  চলি আছিল।  মেৰামতি সম্পূৰ্ণ কৰি  গেছ টাৰবাইনটো   চলিবলৈ ধৰোঁতেই  ষ্টীম টাৰবাইনৰ দিশে জুই জ্বলা প্রত্যক্ষ কৰে বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই।  সম্প্ৰতি পৰীক্ষা নিৰীক্ষা কৰি শীঘ্ৰেই গেছ টাৰবাইনটো চলাব যদিও ষ্টীম টাৰবাইনটোৰ উৎপাদন ক্ষম কৰি তুলিবলৈ কোটি টকাৰ প্ৰয়োজন হব বুলি উচ্চস্তৰীয় সূত্ৰত প্ৰকাশ। 

গুৰুত্ব পূৰ্ণ যে  বিগত বৰ্ষত ১৬ জুলাইৰ পৰা ব্যৱসায়িক উৎপাদন আৰম্ভ কৰা  এশ মেগৱাত উৎপাদনক্ষম  ৰিপ্লাছমেণ্ট প্ৰকল্পই  বিগত বৰ্ষৰ  নৱেম্বৰ মাহত আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত  এশ শতাংশ প্লাণ্ট ভাৰ ক্ষমতাৰে    ( plan load factor) নিৰ্ধাৰিত  উৎপাদন  সম্পূৰ্ণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ  অন্যতম  শক্তি উৎপাদন কোম্পানী এন এছ পি চি, নীপকো ৰ দৰে  বিদ্যুৎ উৎপাদন কোম্পানীকো পিছ পেলাবলৈ সক্ষম হৈছিল

assam namrup