আজিৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে সাৰ নগৰী বৰ নামঘৰত আৰম্ভ অখণ্ড ভাগৱত পাঠ…

আজিৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে সাৰ নগৰী বৰ নামঘৰত আৰম্ভ অখণ্ড ভাগৱত পাঠ…

author-image
asomiyapratidin
New Update
আজিৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে সাৰ নগৰী বৰ নামঘৰত আৰম্ভ অখণ্ড ভাগৱত পাঠ…

প্ৰতিদিনে সংবাদ, নামৰূপ:  ৰবিবাৰৰ পৰা নামৰূপস্থিত সাৰ নগৰী  বৰনামঘৰত সপ্তাহ জোৰা  অখণ্ড ভাগৱত পাঠ  আৰম্ভ হয়।

Advertisment

 প্ৰতি দুবছৰৰ অন্তৰত এই ভাগৱত পাঠ ভাগি  অনুষ্ঠিত হয় যদিও  দুবছৰীয়া কোৰোনা কালত এই কাৰ্যসূচী স্থগিত কৰিবা লগীয়া হয়।  

আজি পুৱা উষা কীৰ্তন আৰু ধৰ্ম ধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ  শুভাৰম্ভ হয়।   ধৰ্মধ্বজা উত্তোলন কৰে  নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মিনা ৰাম চুতীয়াই।  ইয়াৰ পিছতে গায়ন বায়ন, ডবা ,শংখ, উৰুলী ধ্বনিৰে নামঘৰৰ চাৰিও দিশে ভাগৱত  ভ্ৰমণ কৰে। 

প্ৰায় এঘাৰ বজাত   নাম প্ৰসংগ আৰম্ভ হয়। নামৰ মূলত থাকে যোৰহাট কাকজান  চুপহা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গিৰিন মহন্ত ।

সাদিনীয়া অখণ্ড ভাগৱত পাঠৰ মূলত   যোৰহাট, গোলাঘাট, শিৱসাগৰ, সোনাৰী ,  নামৰূপৰ  সাত গৰাকী  বিশিষ্ট পাঠক থাকিব বুলি পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে।

assam namrup