বিভিএফচিএলৰ উৎপাদন সঞ্চালক  হিচাপে নিযুক্তি প্ৰদীপ কুমাৰ বানিকক...

সাৰ আৰু ৰসায়ন বিভাগৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ উৎপাদন সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে প্ৰদীপ কুমাৰ বানিকে ।

author-image
Asomiya Pratidin
New Update
বিভিএফচিএলৰ উৎপাদন সঞ্চালক  হিচাপে নিযুক্তি প্ৰদীপ কুমাৰ বানিকক...

ডিজিটেল সংবাদ, নামৰূপঃ সাৰ  আৰু ৰসায়ন বিভাগৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ উৎপাদন সঞ্চালক  হিচাপে নিযুক্তি লাভ কৰিছে প্ৰদীপ কুমাৰ বানিকে ।  ১৯ মাৰ্চত  ডিপাৰ্টমেণ্ট অব পাৰ্চনেল আৰু ট্ৰেইনিং   বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে বানিকক নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ বিভিএফচিএলৰ সঞ্চালক (উৎপাদন) হিচাপে অনুমোদন জনাইছে। 

Advertisment

উল্লেখযোগ্য যে বিগত বৰ্ষৰ  ১৪ জুলাইত ৰাজহুৱা উদ্যোগ নিৰ্বাচন ব’ৰ্ডৰ (পিইএছবি) পেনেলে বানিকক বিভিএফচিএলৰ সঞ্চালক (উৎপাদন) পদৰ বাবে পৰামৰ্শ দিছিল।  পি ই এছ বি বাছনি পেনেলে সাক্ষাৎকাৰ লোৱা তিনিজন প্ৰাৰ্থীৰ তালিকাৰ পৰা তেওঁক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল।  ইয়াৰ বাছনি সভাত।  তালিকাত অন্তৰ্ভুক্ত আটাইকেইজন প্ৰাৰ্থী আছিল বিভিএফচিএলৰে ।

Also Read: চলন্ত ট্ৰেইনত উঠাৰ চেষ্টা কৰোতেই পিছলি পৰিল যুৱক, ভাইৰেল ভিডিঅ'...