/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/64384c6d-222e-414c-983b-3e8507fe7536/tyyyy.jpg)
ডিজিটেল ডেস্কঃ কেতিয়াবা দেখা যায় যে কিছুমান মানুহে চলন্ত ৰেলত জপিয়াই উঠাৰ চেষ্টা কৰে। তেতিয়া বহু মানুহে প্ৰাণো হেৰুৱাব লগীয়া হয় বা বিপদতো পৰে। তেনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে মুম্বাই, ব্ৰান্দাত।
মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছত (বিডিটিএছ) চলন্ত ৰে'লত উঠি থকা অৱস্থাত পিছলি পৰে এজন যাত্ৰী। তেতয়াই যাত্ৰী জনক ৰে'ল সুৰক্ষা বাহিনীৰ (আৰপিএফ) জোৱানে প্ৰাণ ৰক্ষা কৰে।
মঙলবাৰে পোহৰলৈ আহিছিল এই ঘটনা। টুইটাৰত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ'। ৭ ছেকেণ্ডৰ ভিডিঅ'ত দেখা গৈছে যে এজন লোকে গধুৰ বেগ লৈ ট্ৰেইনত উঠাৰ চেষ্টা কৰিছে।
তেতিয়াই তেওঁ পিছলি পৰে। লগে লগে কৰ্তব্যত নিয়োজিত সুশীল কুমাৰ নামৰ এজন আৰপিএফ জোৱানে ব্যক্তি জনক ৰক্ষা কৰে।কোনোমতে প্ৰাণ ৰক্ষা পৰে ব্যক্তিজনৰ। জোৱান জনৰ চেষ্টাক সকলোৱে প্ৰশংস কৰা দেখা যায়।
Promptness & presence of mind of RPF Constable Sushil Kumar saved life of passenger who was trying to board in running Train no. 12471 Swaraj Express at BDTS, slipped & pulled him away from the moving train.
Passengers are requested not to board/alight a running train. pic.twitter.com/j6YcsvT4dM— Western Railway (@WesternRly) March 21, 2023