/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/murder.png)
ডিজিটেল সংবাদ, নামৰূপ: ফাকুৱাৰ উল্লাসৰ মাজতে জয়পুৰ থানাৰ অন্তৰ্গত উষাপুৰ দিহিং কিনাৰ বঙালী ব্লকত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। আৰক্ষীৰ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা পাৰিবাৰিক অশান্তিৰ বাবে উষাপুৰৰ কাষৰ দিহিং কিনাৰ বঙালী ব্লকৰ নিৱাসী অৰুন দাস আৰু পত্নী নমিতা দাসৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।
স্বামী স্ত্ৰীৰ মাজত হোৱা কাজিয়াই চুড়ান্ত পৰ্যায় অতিক্ৰম কৰি স্বামী অৰুন দাসে এখন দাৰে পত্নীৰ মূৰত ঘপিয়াই,ফলত মহিলা গৰাকী থিতাতে ঢলি পৰে। পিছত অৰুণ দাসে পত্নীক নাহৰকটীয়া দীঘলা পথাৰস্থিত অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও অতিমাত্ৰা ৰক্তক্ষৰণ হোৱাৰ ফলত চিকিৎসালয়তে মৃত্যুক সাৱতি লয়।
বৃহস্পতিবাৰে নিশাই জয়পুৰ আৰক্ষীয়ে হত্যাৰ অভিযোগত অৰুণ দাসক আটক কৰে আৰু মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পাতাললৈ প্ৰেৰণ কৰে। ধৃত অৰুণ দাসে আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰে তথা পত্নীক ঘপিয়াই হত্যা কৰা দা খন আৰক্ষীক চমজাই দিয়ে।
জয়পুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১৯/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি অৰুণ দাসক গ্ৰেপ্তাৰ কৰি শুক্ৰবাৰে নাহৰকটীয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। আদালতে অভিযুক্ত গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি স্বামী পত্নীৰ মাজত চলি থকা পাৰিবাৰিক কন্দলৰ ফলতেই এই ঘটনাৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।