নামৰূপত বন্যহস্তীৰ উপদ্ৰৱ : পুনৰ দুটাকৈ ঘৰ ভাঙিলে বনৰীয়া হাতীয়ে...

বৃহস্পতিবাৰে মাজনিশা নামৰূপত দুটাকৈ ঘৰ ভাঙি তচনচ কৰে

author-image
Asomiya Pratidin
New Update
নামৰূপত বন্যহস্তীৰ উপদ্ৰৱ : পুনৰ দুটাকৈ ঘৰ ভাঙিলে বনৰীয়া হাতীয়ে...

ডিজিটেল সংবাদ, নামৰূপ : বন বিভাগৰ দায়িহীনতাৰ বাবেই  বুধবাৰে নিশা নামৰূপ পৌৰ সভাৰ অন্তৰ্গত ৯ নং ৱাৰ্ডত দুটা ঘৰ  বনৰীয়া হাতীয়ে ভাঙি তচনচ কৰাৰ পিছত  বৃহস্পতিবাৰে নিশাও পুনৰ বনৰীয়া হাতীৰ জাকটোৱে নামৰূপত দুটাকৈ ঘৰ ভঙাত  ৰাইজৰ  গৰিহণাৰ পাত্ৰ হৈছে জয়পুৰ আঞ্চলিক বন কাৰ্যলয় আৰু নামৰূপস্থিত দিল্লী খণ্ড বন কাৰ্যালয়। 

Advertisment

এই সন্দৰ্ভত সৰব হৈ পৰিছে বীৰ লাচিত সেনা ডিব্ৰুগড় জিলা সমিতি আৰু নামৰূপ আঞ্চলিক সমিতি।  উল্লেখ্য যে জয়পুৰ সংৰক্ষিত বনাঞ্চলৰ সীমামুৰীয়া গাঁও সমূহত   প্ৰায়েই বনৰীয়া হাতী, বাঘ, বান্দৰৰ উপদ্ৰপ চলে যদিও স্থানীয় ৰাইজ আৰু বন বিভাগে  মিলি ৰাইজৰ কোনো  ক্ষয়-ক্ষতি নোহোৱাকৈ অতদিনে সমতা বজাই ৰাখিছিল। 

কিন্তু বিগত কিছু মাহ ধৰি বন বিভাগৰ কোনো সহযোগিতা নোপোৱাত বনৰীয়া হাতীৰ উপদ্ৰপৰ লগত ৰাইজে নিজেই মোকামিলা কৰি সম্পত্তি আৰু জীৱন সুৰক্ষা কৰি  আহিছে।  বুধবাৰে মাজনিশা নামৰূপ পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ দুটাকৈ ঘৰ বনৰীয়া হাতীৰজাকে ভাঙি লণ্ডভণ্ড কৰে। 

স্থানীয় ৰাইজে নিশা বন বিভাগৰ সহায় বিচাৰিছিল যদিও কোনো সঁহাৰি নেপালে।  পুৱাহে বনবিভাগৰ দল ঘটনা থলীত উপস্থিত হয় ।  গুৰুত্বপূৰ্ণ  যে বৃহস্পতিবাৰে  মাজনিশাও বনৰীয়া হাতীৰ দলটো থাৰমেল ফৰেষ্ট কলনীৰ সমীপৰ কল্পনা কোঁৱৰৰ গৃহত  সোমাই ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে।

কোনোমতেই গৃহস্থই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ইমানতে বনৰীয়া হাতীৰ দলটো  শান্ত নহৈ  ওচৰৰে  ঘন কান্ত  কোঁৱৰৰ বাৰী আৰু ঘৰটোত আক্ৰমণ কৰি  ঘৰৰ ভাঙি  দিয়ে।  বন বিভাগৰ এনে দায়িত্বহীনতাৰ বাবে  বীৰ লাচিত সেনা ডিব্ৰুগড় জিলা আৰু নামৰূপ আঞ্চলিক সমিতিয়ে বন বিভাগক গৰিহণা দিয়াৰ লগতে  ঘটনা স্থলীত উপস্থিত হৈ ভুক্তভোগীক ক্ষতি পূৰণ দিয়াৰ দাবী তোলে। 

বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলাৰ বিষয় ববীয়া  প্ৰাণজিত গগৈয়ে কয় যে  সংৰক্ষিত বনাঞ্চলৰ এনে স্পৰ্শকাতৰ এলেকাত প্ৰতিদিনেই তহলদাৰী প্ৰয়োজন।  আনহাতে বুধবাৰে সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত জয়পুৰ আঞ্চলিক বন কাৰ্যলয়ে  তহলদাৰী ব্যৱস্থা কৰাটো জৰুৰী আছিল যদিও এনে নহ'ল। বন বিভাগে ৰাইজৰ সুৰক্ষালৈ পিঠি দি শুই থকা অৱস্থাতে  বৃহস্পতিবাৰে নিশা পুনৰ নামৰূপত হাতীয়ে দুটাকৈ ঘৰ ভাঙিলে।

নামৰূপস্থিত খণ্ড বন বিষয়াগৰাকীৰ  বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে  এনে স্পৰ্শকাতৰ এলেকাত বন বিষয়া গৰাকী নিজা কাৰ্যলয়ৰ লগতে লাগি থকা বিভাগীয় আৱাসত থাকিব লাগে কিন্ত আজিকোপতি বন বিষয়াগৰাকী কাৰ্যালয়তে উপস্থিত নহ'ল।  বিভিন্ন বিষয় সন্দৰ্ভত অভিযোগ কৰিবলৈ ফোন কৰিলেও ফোনৰ উত্তৰ পোৱা নাযায়। 

এনে প্ৰেক্ষাপটত শীঘ্ৰেই বিষয়াগৰাকীক বদলিৰ দাবী তোলে বীৰ লাচিত সেনাই । লগতে  হাতীয়ে গৃহহীন কৰা পৰিয়াল কেইটাক ক্ষতি পূৰণ দিবলৈও তীব্ৰ দাবী তুলিছে বীৰ লাচিত সেনাই।

assam namrup elephant