/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4a7d42cc-76f5-4e0a-a462-d92325474ce1/namrup.jpg)
namrup
প্ৰতিদিন সেৱা, নামৰূপ - জয়পুৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত কমাৰগাঁৱৰ হৰকান্ত সোনোৱাল নামৰ (৫৯ ) এজন ব্যক্তি দেওবাৰে নিশা বনৰীয়াহাতীৰ আক্ৰমনত আহত হয়। উক্ত ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়াৰ পিছতো কোনো বিষয়া কৰ্মী ঘটনা থলীত উপস্থিত নোহোৱাত ক্ষুব্ধ গাঁওবাসী জয়পুৰ আঞ্চলিক বন কাৰ্যালয়ত উপস্থিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী ৰাইজে আহত ব্যক্তিজনৰ চিকিৎসাৰ ক্ষতি পূৰণৰ লগতে গাঁৱত বন বিভাগৰ চোকা পহৰাৰ দাবীৰে সোমবাৰে জয়পুৰ আঞ্চলিক বন কাৰ্যলয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বিগত কিছুদিনৰ পৰা কমাৰ গাঁও, কছাৰী পথাৰ, অভয়পুৰ আদি গাঁৱত বনৰীয়া হাতীয়ে চলাইছে তাণ্ডৱ।
বনৰীয়া হাতীয়ে নিশা গেৰ ধৰা ধাননি পথাৰত প্ৰৱেশ কৰি গছকি ধাননি পথাৰ নষ্ট কৰিছে। উপায়ন্তৰ হৈ ৰাইজে পাল পাতি খেতি পথাৰত পহৰা দিয়াৰ ব্যৱস্থা কৰিছে। এনেদৰে পহৰা দি থকা অৱস্থাতে বনৰীয়া হাতীৰ জাকটো প্ৰৱেশ কৰি ধাননি পথাৰ তহিলং কৰাত ৰাইজে হাতী খেদিবলৈ তৎপৰ হওঁতেই বনৰীয়া হাতীৰ লগত সংঘৰ্ষ হৈ আহত হয় হৰকান্ত সোনোৱাল।
সংকটজনক অৱস্থাত ব্যক্তিজনক নাহৰনি চিকিৎসা কেন্দ্ৰলৈ লৈ যায় যদিও ভুক্তভোগী অধিক সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। তাৰ পৰিপ্ৰেক্ষিততে ভুক্তভোগী ৰাইজে জয়পুৰ আঞ্চলিক কাৰ্যলয়ত উপস্থিত হৈ ধৰ্ণা প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰাইজক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ বন বিভাগ আৰু বন বিষয়া বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে কাৰ্য্যালয় প্ৰাঙ্গন।
ক্ষুব্ধ ৰাইজে কয় যে বনৰীয়া হাতীৰ তাণ্ডৱৰ বাৰে ৰাইজে শ শ বিঘা খেতি মাটি এনেয়ে পেলাই থ'ব লগীয়া হৈছে। লগতে ভুক্তভোগী ৰাইজক ক্ষতি পূৰণৰ দাবী তোলে প্ৰতিবাদী ৰাইজে।