বি ভি এফ চি এলত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

বি ভি এফ চি এলত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

প্ৰতিদিন ডিজিটেল সংবাদ,নামৰূপঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসটি নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেড চমুকৈ বিভিএফচিএলত কেন্দ্ৰীয় ভাবে এক  নতুন  উদীপনাৰে উদযাপন কৰে। পুৱা  গান্ধী ময়দানত গান্ধীজীৰ প্ৰতিমূৰ্তিত পুষ্পশোভিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত উদ্যোগটোৰ  চি এম ডি ডঃ শিৱ প্ৰসাদ মহান্তিয়ে  ৰাষ্ট্ৰীয পতাকা উত্তোলন  কৰে।

ইয়াৰ পিছত অধ্যক্ষ আৰু পৰিচালন সঞ্চালক গৰাকীয়ে প্ৰদান কৰা ভাষণ প্ৰসংগত "আজাদী কে এ অমৃত মহোৎসৱ"ৰ মনোভাৱৰ ওপৰত আলোকপাত কৰে, ডঃ মহান্তিয়ে  "আকাংক্ষিত ভাৰত"ৰ ধাৰণাটোক আলোকপাত কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উদাহৰণ দাঙি ধৰি কয়, যিয়ে দৰিদ্ৰ পটভূমিৰ পৰা অহাৰ পিছতো দৰিদ্ৰতা আৰু সামাজিক পক্ষপাতিত্বক অৱজ্ঞা কৰি দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি  হয়।

কোম্পানীটোৰ কাম-কাজৰ কথালৈ আহি চিএমডিয়ে ঘোষণা কৰে যে সাৰ বিভাগ, ভাৰত চৰকাৰে ২০২২-২৫ বৰ্ষৰ পৰা আৰম্ভ কৰি তিনি বছৰৰ বাবে সাৰ আমদানি কৰিবলৈ বিভিএফচিএলক পাৰাদ্বীপ বন্দৰ আবণ্টন দিছে।  তেওঁ আৰু জনায় যে, আমদানি কৰা ইউৰিয়াৰ প্ৰথমটো গোট ইতিমধ্যে দেশৰ পাঁচখন ৰাজ্যলৈ প্ৰক্ৰিয়াকৰণ কৰা হৈছে। লগতে  বিভিএফচিএলৰ বিপণন ক্ষেত্ৰখন শক্তিশালী কৰাৰ বাবে কলকাতাত নতুন বিপণন কাৰ্যালয় স্থাপন কৰা কথা উল্লেখ কৰে ।  তেওঁ ইয়াকো কয় যে ,নতুন কাৰ্যালয়টোৰ জৰিয়তে নিগমে পশ্চিমবংগ, বিহাৰ, ওড়িশা, ছত্তীশগড় আৰু ঝাৰখণ্ডৰ কিছু অংশত নিজৰ ব্ৰেণ্ডেড সামগ্ৰী বিক্ৰী কৰাৰ কথা চিন্তা কৰিছে। 

অনুষ্ঠানত উদ্যোগটোৰ অগ্নি নিৰ্বাপক বিভাগৰ কুচকাৱাজত গেৰুৱা,চফেদ,সেউজীয়া পানীৰে  অংকন কৰা  নান্দনিক চিত্ৰই সহস্ৰাধিক ৰাইজক আপ্লুত কৰিছে।   এই অনুষ্ঠানতে  বি ভি এফ চি এলৰ বিপনন ক্ষেত্ৰ খনত  অভূতপূৰ্ব  সফলতা দেখুওৱা  ক্ৰমে  ছত্তিশগড়,ঝাৰখণ্ড, উৰিষ্যা, অসমৰ যোৰহাট আৰু ধুবুৰীৰ সাৰ ড্ৰিলাৰক  আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়।
নামৰূপ মহাবিদ্যালয়টো দেশৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি  অধ্যক্ষ ডঃ দুৰ্গা প্ৰসাদ গগৈয়ে কয় যে , সোণালী জয়ন্তী উদযাপন কৰিবলৈ সাজু হোৱা মহাবিদ্যালয় খনত এইবাৰ স্বাধীনতা দিৱসত বহুকেইটা নতুন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে।   দেশ নিৰ্মাণত কৰ্মৰত  শিপা পয্যায়ৰ কৰ্মীসকলৰ অৱদানক  সন্মান জনোৱাৰ উদ্দেশ্যে  নামৰূপৰে এগৰাকী কাঠ মিস্ত্ৰী, এগৰাকী ৰাজ মিস্ত্ৰী আৰু এগৰাকী  ইলেক্ট্ৰিচিয়ানক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।  

আনহাতে নামৰূপ পৌৰসভাই চৰকাৰী নিৰ্দেশনা অনুযায়ী নামৰূপৰ চাৰি স্থানত পতাকা উত্তোলন কৰে। পৌৰসভাৰ কাৰ্যলয়ত পতাকা উত্তোলন কৰে পৌৰপতি প্ৰশান্ত গগৈয়ে।  নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে পুৱা পতাকা উত্তোলন কৰে মহাপ্ৰবন্ধক   মহম্মদ জাকিৰে ।

অসম পেট্ৰ'কেমিকেল  লিমিটেডত   পৰিচালন সঞ্চালক ৰাজনীশ গগৈয়ে পতাকা উত্তোলন কৰাৰ লগতে নিশালৈ সাংস্কৃতিক অনুষ্ঠানেৰে স্বাধীনতা  দিৱস উদযাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইফালে  বি ভি এফ চি এলৰ শ্ৰমিক ইউনিয়ন আৰু  বি ভি এফ চি এল ইনডিপেনডেন্স ইউনিয়নেও  পৃথকে পৃথকে নিজ নিজ কাৰ্যালয়ত পতাকা উত্তোলন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in