এজাক বৰষুণতে ডুবিল সাৰ উদ্যোগৰ আবাসিক এলেকা, লক্ষাধিক মূল্যৰ সামগ্ৰী নষ্ট…

এজাক বৰষুণতে ডুবিল সাৰ উদ্যোগৰ আবাসিক এলেকা, লক্ষাধিক মূল্যৰ সামগ্ৰী নষ্ট…

author-image
asomiyapratidin
New Update
এজাক বৰষুণতে ডুবিল সাৰ উদ্যোগৰ আবাসিক এলেকা, লক্ষাধিক মূল্যৰ সামগ্ৰী নষ্ট…

ডিজিটেল সংবাদ,নামৰূপ: মঙলবাৰে নিশা দিয়া এজাক  বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি  কৰে  নামৰূপ  সাৰ কাৰখানাৰ একাংশ  আবাসিক এলেকা।  কালি নিশাৰ বৰষুণ জাকত আবাসী  শুই থকা অৱস্থাতে  ঘৰৰ ভিতৰত পানী  সোমাই সমতলৰ পৰা এফুট  ওপৰলৈ  উঠি যায় । কৃত্ৰিম বানে ঘৰৰ ভিতৰৰ  কম্পিউটাৰৰ চি পি ইউ আদিকে  মুখ্য কৰি   কেইবা লক্ষধিক  মূল্যৰ মূল্যবান সামগ্ৰী নষ্ট কৰে। 

Advertisment

ইফালে  নামৰূপ তেল ডিপোৰ সমূখৰ পথ, খেৰেমীয়া  আদি অঞ্চলৰ  পথ  কৃত্ৰিম বানত বুৰ যায়।  লক্ষণীয় যোৱা ১৬ মে টো  বৰষুণৰ পানীয়ে  সাৰ   উদ্যোগৰ  প্ৰশাসনিক  কাৰ্যলয় প্ৰাঙ্গন , আবাসিক এলেকাৰ বাট পথ, আবাসগৃহত   পানী সোমাই  ৰাইজক জ্বলা কলা খুৱাইছিল। 

উল্লেখৰ প্ৰয়োজন যে  নামৰূপত সাৰ  উদ্যোগৰ ভিতৰে বাহিৰে থকা নলা নৰ্দমা সমূহ সময় মতে সঠিক ৰূপত চাফা নকৰাৰ  বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰাৰ ফলত  বৰষুণৰ পানীয়ে বাৰে বাৰে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে অঞ্চলটোত।  উদ্যোগটোৰ তৰফৰ পৰা নলা সমূহ   নিয়মিত  চাফা কৰাটো দায়বদ্ধতা।

আনহাতে  সাৰ উদ্যোগৰ  আবাসিক এলেকা নামৰূপ পৌৰসভাৰ  ভিতৰতো পৰে।  কিন্তু  উদ্যোগ  প্ৰশাসন আৰু নামৰূপ পৌৰসভা কোনো পক্ষই বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ ফলশ্ৰুতিত ৰাইজে এই যন্ত্ৰণা ময় জীৱন যাপন কৰিব লগীয়া হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি ভুক্তভোগী ৰাইজে  অভিহিত কৰিছে।  

আৰু পঢ়ক: BCCIৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে নেকি সৌৰভ গাংগুলীয়ে…

assam namrup