কৃত্ৰিম বানত  জলমগ্ন সাৰ উদ্যোগৰ আবাসিক এলেকা…

কৃত্ৰিম বানত  জলমগ্ন সাৰ উদ্যোগৰ আবাসিক এলেকা…

author-image
asomiyapratidin
New Update
কৃত্ৰিম বানত  জলমগ্ন সাৰ উদ্যোগৰ আবাসিক এলেকা…

ডিজিটেল সংবাদ, নামৰূপ:    যোৱা দুদিন ধৰি মুষল ধাৰে দিয়া বৰষুণত জলমগ্ন হৈ পৰে নামৰূপৰ বহু অঞ্চল। বিশেষকৈ নামৰূপ সাৰ উদ্যোগৰ আবাসিক  এলেকা চেক্টৰ চি ৰ   বহু  আবাস  গৃহ   ,উদ্যোগ টোৰ প্ৰশাসনিক ভৱন প্ৰাঙ্গন ,  নামৰূপ তেল ডিপোৰ সমূখৰ পথ, আদি কৃত্ৰিম বানত বুৰ যায়।  

Advertisment

আবাস গৃহ সমূহৰ  একাংশত সমতলৰ পৰা এক ফুট পৰ্যন্ত পানী ওপৰলৈ উঠাত বহু কেইটা পৰিয়ালে  উপায়ন্ত হৈ বি ভিএফ চি  অতিথি শালাত আশ্ৰয় লব লগীয়া হয়।  ইফালে  আবাস গৃহ সমূহ  পানীত ডুব গৈ বহু মূল্যবান সামগ্ৰী নষ্ট  হৈছে বুলি ভূক্ত ভোগী সকলৰ পৰা জানিব পৰা গৈছে। 

ইফালে উদ্যোগটোৰ  প্ৰশাসনিক কাৰ্য্যালয়ৰ বৃহৎ চোতাল খনটো কৃত্ৰিম বানৰ সৃষ্টি হৈ  কৰ্মচাৰী অহা যোৱাত ব্যাঘাট জন্মে। লক্ষণীয় যে  উদ্যোগটোৰ  প্ৰশাসনিক বিভাগ  আৰু  বেসামৰিক  বিভাগৰ  অদূৰদৰ্শীতা আৰু  গুৰুত্ব হীনতাৰ বাবেই  উদ্যোগ নগৰীত এনে ভয়ানক পৰিবেশ সৃষ্টি হল বুলি অভিযোগ উত্থাপিত হৈছে। 

কাৰণ এই এদিনতে সৃষ্টি হোৱা সমস্যা নহয়। দীর্ঘদিনে মূল ড্ৰেইন সমূহ  গুৰুত্ব সহকাৰে  চাফা নকৰাৰ বাবেই সম্প্ৰতি এজাক বৰষুণতে আজি আবাস গৃহৰ ভিতৰত  কৃত্ৰিম বানৰ সমস্যাই দেখা দিয়া বুলি ভুক্তভোগী কৰ্মচাৰী সকলে অভিযোগ কৰে।

আৰু পঢ়ক: লামডিঙত ব্ৰাউনচুগাৰ সহ এজনক আটক কৰে আৰক্ষীয়ে …

assam flood namrup