নামৰূপত ড্ৰাগছ সহ এজনক আটক

নামৰূপত ড্ৰাগছ জব্দ লগতে আটক এজন। যুৱক জনৰ পৰা ১৩ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰে ।

author-image
Asomiya Pratidin
New Update
নামৰূপত ড্ৰাগছ সহ এজনক আটক

ডিজিটেল সংবাদ, নামৰূপ: নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু উপ আৰক্ষী অধীক্ষক  নব কুমাৰ বৰাৰ নেতৃত্বত বৃহস্পতিবাৰে এক অভিযান চলাই এজন যুৱকক গ্ৰেপ্তাৰ কৰে। লগতে যুৱক জনৰ পৰা ১৩ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰে ।

আৰক্ষীৰ মতে ধৃত যুৱক জন নামৰূপ বিভিএফচিএল কলনিৰ বাসিন্দা জয়ন্ত শৰ্মাৰ পুত্ৰ অভিলেখ শৰ্মা। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি নামৰূপ খেৰেমীয়া গাঁ‌ৱৰ সমীপৰ পেট্ৰ’ল ডিপোৰ সন্মুখত নামৰূপ আৰক্ষীয়ে এক সূত্ৰৰ পম খেদি  FZ মটৰচাইকেল চালক যুৱক জনৰ পৰা এটা চাবোনৰ কেচত ১৩ গ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে।  যুৱকজনে ই কমাৰ্চৰ অধীনত ফ্লিপকাৰ্টৰ হোম ডেলিভাৰী কাম কৰিছিল বুলি জানিব পৰা গৈছে।

assam Assam police drugs arrested