নামৰূপ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তি…

নামৰূপ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তি…

author-image
asomiyapratidin
New Update
নামৰূপ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তি…

ডিজিটেল সংবাদ নামৰূপঃ সোণালী জয়ন্তী বৰ্ষত ভৰি দিবলৈ ওলোৱা নামৰূপ মহাবিদ্যালয়ত ড০ দুৰ্গা প্ৰসাদ গগৈক স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছে। ডিব্ৰুগড় জিলাৰ অন্যতম এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নামৰূপ মহাবিদ্যালয়ত বিগত বহু বছৰৰ পিছত এগৰাকী স্থায়ী অধ্যক্ষ নিযুক্তি দিয়াত উৎসাহিত হৈছে নামৰূপৰ  বিদ্যুৎ সমাজ। বিগত ২৭ বছৰ নামৰূপ মহাবিদ্যালয়ত সেৱা আগবঢ়োৱা  ড০ গগৈ পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে কৰ্মৰত আছিল।

Advertisment

বৰহাটৰ প্ৰয়াত সুখেশ্বৰ  গগৈ আৰু প্ৰয়াত পঞ্চমী গগৈৰ পুত্ৰ দুৰ্গা প্ৰসাদ গগৈয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ড০ অমৰ জ্যোতি চৌধুৰী তত্বাৱধানত  নেন' টেকন'লজীৰ ওপৰত গৱেষণা কৰি ডক্টৰেট সন্মান লাভ কৰিছিল।  ২০১০ বৰ্ষত দয়াবতী ৰাষ্ট্ৰীজ্ঞ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ড০ গগৈ বহু কেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়  পৰ্যায়ৰ গৱেষণাত্মক নিবন্ধ প্ৰকাশ কৰিছে।

তেওঁৰ অন্যতম এখন গুৰুত্বপূৰ্ণ গৱেষণা  গ্ৰন্থ  হ'ল DILUTED MAGNETIC SEMICONDUCTOR NANOSTRUCTURES"। আগন্তুক শিক্ষা বৰ্ষৰ পৰা দেশত নতুন শিক্ষা নীতি বলবৎ হোৱাৰ সময়তে নামৰূপৰ একমাত্ৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান নামৰূপ মহাবিদ্যালয়ত এগৰাকী স্থায়ী অধ্যক্ষ নিযুক্তি দিয়াটো মহাবিদ্যালয়খনৰ বাবে এটা শুভ বাৰ্তা। ইফালে অহা বছৰ ছেপ্টেম্বৰ মাহৰ পৰা বৰ্ষ জোৰা কাৰ্যসূচীৰে নামৰূপ মহাবিদ্যালয়ে সোণালী জয়ন্তী  সমাৰোহ অনুষ্ঠিত কৰিব।  এনে সন্ধিক্ষণত মহাবিদ্যালয়খনত এগৰাকী স্থায়ী অধ্যক্ষৰ অতিকে প্ৰয়োজন  আছিল।