নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী  সমাৰোহৰ শুভাৰম্ভণি…

নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী  সমাৰোহৰ শুভাৰম্ভণি…

author-image
asomiyapratidin
New Update
নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী  সমাৰোহৰ শুভাৰম্ভণি…

প্ৰতিদিন সেৱা, নামৰূপ : পঞ্চাশ  বছৰীয়া  গৌৰৱময় ইতিহাস বহনকৰা  নামৰূপৰ  উচ্চ শিক্ষাৰ অনুষ্ঠান নামৰূপ মহাবিদ্যালয়ে  বৰ্ষজোৰা সোণালী জয়ন্তী মহোৎসৱৰ উদযাপন কৰিছে । এই উপলক্ষে বৃহস্পতিবাৰে পুৱা   মহাবিদ্যালয় প্ৰাংগণত  অধ্যক্ষ ড০ দুৰ্গা প্ৰসাদ গগৈয়ে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে।  

Advertisment

ইয়াৰ পিছতে  গায়ন বায়ন, ঝুমুৰ, বৰ যাত্ৰী দল, চাহ জনগোষ্ঠী, সেউজ সংৰক্ষণ,  কাৰ্বি সংস্কৃতি, সাত ভনী,   ভাৰতীয় মহিলাৰ পৰম্পৰাগত  সাজপাৰ, অসমৰ গ্ৰাম্য সংস্কৃতি, দেশৰ স্বাধীনতাৰ  পয়সত্তৰ বছৰীয়া জয় যাত্ৰা,   ৰাস লীলা,  আদি বিভিন্ন  বিষয় বস্তু সন্নিবিষ্ট কৰি বৰ্ণিল শোভাযাত্ৰা মহাবিদ্যালয় প্ৰাংগণৰ পৰা ওলাই  সোণাৰী তিনিআলি, বি ভি এফ চি এলৰ আবাসী অঞ্চল পৰিভ্ৰমণ কৰে।  

শোভাযাত্ৰাৰ উদ্বাধন কৰে নামৰূপৰ উপ আৰক্ষী অধীক্ষক নব কুমাৰ বৰাই। নতুনকৈ নিৰ্মান কৰি উলিওৱা মহাবিদ্যালয়ৰ আটকধুনীয়া তোৰণৰ বন্তি প্ৰজ্বলন কৰি  ফিটা কাটি শুভ উদ্বোধন কৰে  নামৰূপ সাৰ কাৰখানাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড ° শিৱ প্ৰসাদ মহান্তিয়ে।

কায্যসূচী অনুসৰি মহাবিদ্যালয় প্ৰাংগণত  স্থায়ীভাবে  নিৰ্মান কৰা জুবিলি মণ্ডপত সোণালী জয়ন্তী সমাৰোহৰ  পঞ্চাশখন পতাকা উত্তোলন কৰা হয়। সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ লগতে নামৰূপৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা ৪৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে ।

ইয়াৰ পিছতে বিধায়ক  তৰংগ গগৈয়ে  মহাবিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰৰ আধাৰশিলা স্থাপন কৰে । মহাবিদ্যালয় প্ৰাংগণত নিৰ্মান কৰি উলিওৱা  প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ভৱ কোঁৱৰৰ আৱক্ষ  মূৰ্তি উন্মোচন কৰে  ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জিতু বুঢ়াগোহাঁইয়ে। ইফালে স্মৃতি তর্পণ অনুষ্ঠানত তৰ্পক হিচাপে উপস্থিত থাকে  নামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ড ° লক্ষী গায়ন।

মহাবিদ্যালয় প্ৰাংগণত অস্থায়ীভাবে স্থাপন কৰা মণ্ডপত বিয়লি প্ৰায় তিনি বজাৰ পৰা অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নৰেন চাংমাইয়ে।  সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজ সেৱক মিনা ৰাম চুতীয়া, ডঃ জিতু বুঢ়াগোহাঁই, ৰঞ্জিত বৰুৱা। ইয়াৰ পিছতে  মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে আয়োজন কৰা প্ৰয়াত ভৱ কোঁৱৰ  সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।  

আনহাতে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ পিছতে সন্ধিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সকলৰ দ্বাৰা পঞ্চাশ গছি  বন্তি প্ৰজ্বলন কৰে।  নিশালৈ বৰ্ণাঢ্য সংস্কৃতিক সন্ধিয়াৰে  সোণালী জয়ন্তী সমাৰোহৰ আৰম্ভণি অনুষ্ঠানৰ সামৰণি পৰে।

বৃহস্পতিবাৰে অনুষ্ঠিত বিভিন্ন অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ অধ্যাপক ক্ৰমে ড০ অসীম জ্যোতি বৰুৱা, ড০ ছবি গগৈ,  আসিফা শ্বোভানে। ইফালে ৩০ আগষ্টত দুপৰীয়া নামপ্ৰসংগৰ পিছতে খাদ্য মেলা প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ  প্ৰাক্তন সভাপতি  মণি কান্ত চেতিয়াই  সন্ধিয়া মুকুন্দ মুৰাৰী গোষ্ঠীৰ  সৌজন্যত প্ৰানদীপ ভৰালী  সোঁৱৰনত  মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ  ভাওনা প্ৰদৰ্শন  কৰা হয়।  ভাওনা  অনুস্থানৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে।

assam namrup