/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/namrupp.jpg)
প্ৰতিদিন সেৱা, নামৰূপ : নামৰূপৰ এগৰাকী কবি লেখিকা তথা তেজস্বীনি বঁটা প্ৰাপক বিবি মহন্তৰ সত্তৰ সংখ্যক ওপজা দিনটোত তেওঁৰ পুত্ৰ সৌমিন মহন্ত আৰু বোৱাৰী ৰীমা কটকী মহন্তই মাতৃয়ে লিখা একাংশ কবিতা কাব্য গ্ৰন্থ হিচাপে সংকলন কৰি বৃহস্পতিবাৰে ৰাজহুৱা ভাবে উন্মোচন কৰে। এই উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া নামৰূপ সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত প্ৰথমেই যোৰহাট কাকজান চুপহা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গিৰিন মহন্তই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে।
জিতু মণি শইকীয়া আৰু অলী মণি দত্তই আঁত ধৰা অনুষ্ঠানত প্ৰথমে সৌমিন মহন্তই মাতৃ বিবি মহন্ত সম্পৰ্কে আবেগ ভৰা বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে কবি গৰাকীৰ সমবয়সীয়া তিনি গৰাকী বান্ধৱী ক্ৰমে পুতু মণি বৰা লাবন্য শইকীয়া, নিৰলা পাতৰে "শাওনৰ পথাৰত" শীৰ্ষক কাব্য গ্ৰন্থখন উন্মোচন কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা নামৰূপ শাখা সাহিত্য সভাৰ সভাপতি মণি কান্ত চেতিয়াই কবি বিবি মহন্তৰ সামাজিক জীৱনৰ ওপৰত বক্তব্য ৰাখে।
উল্লেখযোগ্য যে কবি বিবি মহন্তৰ জীৱন ভিত্তিত জিতু মণি শইকীয়াই ৰচিত দুটি গীত পৰিবেশন কৰে অনাতাঁৰ শিল্পী ক্ৰমে স্মৃতি ৰেখা কলিতা আৰু বৰ্ণালী বুঢ়াগোঁহাইয়ে। অনুষ্ঠানত গোপা গোস্বামী টৌছিফ আহমেদে য়ে গীত পৰিবেশন কৰে । আনহাতে কাব্য গ্ৰন্থখনত প্রকাশিত কবিতা সমূহ অনুষ্ঠানত উপস্থিত থকা কবি সকলে পাঠ কৰি এক কাব্যময় পৰিবেশৰ সৃষ্টি কৰে।
অনুষ্ঠানত গৌৰী চুবেদাৰ বৰা, আৰতি শৰ্মা দেৱী, অনিমা বৰুৱা দেউৰী, অনিতা গগৈ, ৰাজেন বৰা আদি বহু কবিয়ে কবি গৰাকীয়ে ৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত ৰীমা কটকী মহন্তই গ্ৰন্থ খন প্ৰকাশত সহায় সহযোগ আগবঢ়োৱা আৰু অনুষ্ঠানত উপস্থিত থকা প্ৰতি গৰাকী ব্যক্তিক একোটি কৈ ফুলৰ পুলি প্ৰদান কৰি আদৰণি জনায়।
আৰু পঢ়ক : কলং নদীত গা ধুবলৈ গৈ মৃত্যু যুৱকৰ…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us