নামৰূপত বিৰোধীক লগত লৈ পৌৰ সভা নিৰ্বাচনৰ ৰণ ডংকা বজালে অসম জাতীয় পৰিষদে

নামৰূপত বিৰোধীক লগত লৈ পৌৰ সভা নিৰ্বাচনৰ ৰণ ডংকা বজালে অসম জাতীয় পৰিষদে

author-image
asomiyapratidin
New Update
নামৰূপত বিৰোধীক লগত লৈ পৌৰ সভা নিৰ্বাচনৰ ৰণ ডংকা বজালে অসম জাতীয় পৰিষদে

ডিজিটেল সংবাদ নামৰূপঃ আগন্তুক পৌৰ সভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে সকলো বিৰোধীক একেলগেলৈ সোমবাৰে  আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে  প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম । এই উপলক্ষে সোমবাৰে সন্ধ্যা  অসম জাতীয় পৰিষদৰ নামৰূপ আঞ্চলিক সমিতিৰ কাৰ্যালয় প্ৰাঙ্গনত  এক  সভা আয়োজন কৰা হয়। নামৰূপ আঞ্চলিকৰ সভাপতি পুষ্পেন্দ্ৰ  বৰাই সভাপতিত্ব কৰা সভাখনত উদ্দেশ্যে ব্যাখ্যা আৰু  দলৰ লক্ষ্য ব্যক্ত কৰে অজাপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শুভাকৰন গোহাঁইয়ে। 

Advertisment

সভাৰ আৰম্ভণিতে তেওঁ কয় যে, বিজেপিক পৰাভূত কৰিবলৈ বৰ্তমানৰ সকলো বিৰোধী শক্তি সংগঠিত হৈ বুজাবুজিৰে আগন্তুক পৌৰ সভা নিৰ্বাচনত  ঐক্যবদ্ধভাবে যুঁজিবলৈ সাজু হৈছে। লগতে তেওঁ কয় যে নামৰূপ পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ ৫ টা ৱাৰ্ডত জাতীয় পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। দীৰ্ঘদিনে নামৰূপৰ বিভিন্ন  ক্ষেত্ৰত সেৱা আগবঢ়াই অহা অৰাজনৈতিক ব্যক্তি সকলক এইবাৰ  ৰাইজৰ সেৱাৰ বাবে দলে প্ৰক্ষেপিত কৰিছে বুলিও ব্যক্তব্যত প্ৰকাশ।

সভাতে প্ৰাৰ্থীসকলক দলীয় বস্ত্ৰৰে শুভ কামনাজনোৱাৰ লগতে দলীয় টিকটো আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।  প্ৰক্ষেপিত প্ৰাৰ্থী সকল ক্ৰমে ৪ নং ৱাৰ্ডত  ৰিমাক্ষী দিহিঙীয়া , ৬ নং ৱাৰ্ডৰ জোৎস্না চুতীয়া ধাডুমীয়া , ৭ নং ৱাৰ্ডত গোলাপ গগৈ,  ৮  নং   মধুমিতা লাহন , ৯ নং ৱাৰ্ডত  প্ৰস্তুতি ফুকন গগৈক নিৰ্বাচিত কৰিছে জাতীয় পৰিষদৰ তৰফৰ পৰা।

সভাত উপস্থিত থাকে ক্ৰমে জিলাৰ সাংগঠনিক সম্পাদক কেশৱ হাজৰিকা আঞ্চলিকৰ উপদেষ্টা  বিজয় গগৈ, ভাৰপ্ৰাপ্ত সম্পাদক  দিপাঞ্জল গগৈ আদি উপস্থিত থাকে ।

assam bjp AJP congress