/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f1d66d00-7739-4c62-93a6-96eecda462e0/truck.jpg)
ডিজিটেল সংবাদ, নামতি :- শিৱসাগৰ জিলাৰ নামতি চাৰি আলিৰ ধোদৰ আলিত দেওবাৰে নিশা অ.এন.জি.চিৰ দুখন পাইপ ভৰ্তি ট্ৰাকৰ দ্বাৰা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ।জানিব পৰা মতে, অ.এন.জি.চিৰ আৰ.জে.০১.জিবি ৪৭৮৪ আৰু আৰ.জে.০১.জিচি. ৩৭৬৬ নম্বৰ দুখন পাইপ ভৰ্তি বাহনে মহতিয়াই নিয়ে বিদ্যুৎ পৰিবাহী তাঁৰ ।
বৈদ্যুতিক তাঁৰে মহটিয়াই নিয়াৰ ফলত নামতিৰ ধোদৰ আলি অঞ্চলটোৰ বহুলোকৰ ফেন, ইনভাৰ্টাৰ, মোবাইলকে ধৰি বহু বৈদ্যুতিক সামগ্ৰী নষ্ট হয় । কিন্তু, কথমপি শ্বৰ্ট-চাৰ্কিটৰ পৰা ৰক্ষা পৰে শতাধিক পৰিয়াল ।
আনহাতে, ক্ষোভিত ৰাইজে নষ্ট হোৱা সামগ্ৰীৰ ক্ষতিপূৰণ বিচাৰি কেইবাঘণ্টা ধৰি বাহন দুখন আৱদ্ধ কৰি ৰাখে । অৱশেষত ঘটনাস্থলীত আমগুৰি আৰু নামতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।