নামতিত কবি ৰাম গগৈ স্মৃতি দিৱস উদ্‌যাপন

ৰাম গগৈ স্মৃতি দিৱসত নাজিৰা কবি সন্মিলনৰ উদ্যোগত নামতিৰ খেজুৰিতলৰ জ্ঞানজ্যোতি বিদ্যাপীঠত শুকুৰবাৰে সন্ধিয়া উদ্‌যাপন কৰা হয় বিশেষ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
নামতিত কবি ৰাম গগৈ স্মৃতি দিৱস উদ্‌যাপন

ডিজিটেল সংবাদ,নামতিঃ সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত পথাৰৰ কবি হিচাপে খ্যাত ৰাম গগৈ স্মৃতি দিৱস শুকুৰবাৰে নাজিৰা কবি সন্মিলনৰ উদ্যোগত নামতিৰ খেজুৰিতলৰ জ্ঞানজ্যোতি বিদ্যাপীঠত সন্ধিয়া উদ্‌যাপন কৰা হয় বিশেষ অনুষ্ঠান ।

Advertisment

অনুষ্ঠানৰ আৰম্ভনিতে ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক সোমেশ ডেকাই । নাজিৰা কবি সন্মিলনৰ সম্পাদক হৰেন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানটিত শিৱসাগৰ জিলা কবি সন্মিলনৰ সম্পাদক সুৰেশ ভূঞাই ৰাম গগৈৰ কাব্য প্ৰতিভা আৰু সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোকপাত কৰে ॥

বিহু সুৰক্ষা সমিতি শিৱসাগৰ জিলাৰ সভাপতি লাচিত ফুকন, বিহু সুৰক্ষা সমিতি মহিলা মঞ্চৰ আহ্বায়িকা গীতুমণি গগৈ বৰুৱাই বক্তব্য আগবঢ়োৱা অনুষ্ঠানটিত জ্ঞানজ্যোতি বিদ্যাপীঠৰ সঞ্চালিকা দেৱযানী দীক্ষিতা গগৈ আৰু ছাত্ৰী সৃষ্টি জোনাক গগৈয়ে একোটিকৈ কবিতা আবৃত্তি কৰে ॥ অনুষ্ঠানটিত উপস্থিত থাকি চৰাইদেউ জিলাৰ বিদ্যালয় উপ-পৰিদৰ্শক প্ৰণৱ গগৈ, হলধৰ দাস, যতীন শইকীয়া, দুৰ্লভ শইকীয়া, নিৰ্মল কুমাৰ বৰুৱা, হেমন্ত গগৈ আদিয়ে ৰাম গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় ।

assam assamespoet sivsagar asomiyapratidin