টিহুৰ সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰত যোগ দিৱস পালন

টিহুৰ সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰত যোগ দিৱস পালন

author-image
Asomiya Pratidin
New Update
টিহুৰ সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰত যোগ দিৱস পালন

ডিজিটেল সংবাদ,নলবাৰী : টিহুৰ সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰৰ উদ্যোগত টিহুৰ জাতীয় বিদ্যালয় চৌহদত থকা কেন্দ্ৰটোত নৱম আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। অনুষ্ঠানটি বিশিষ্ট শিক্ষাব্ৰতী ধৰণী ডেকাই উদ্বোধন কৰে।

Advertisment

আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কেন্দ্ৰটোৰ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি হালৈ আৰু লিপিকা ডেকাই প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকসকলক যোগৰ বিভিন্ন কৌশল শিকাই দেহ-মন সুস্থ ৰখাৰ বিষয়ে বিতংভাৱে কয়।

অনুষ্ঠানটোত টিহুৰ জাতীয় বিদ্যালয়ৰ বহু সংখ্যক শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে ভাগ লয়। যোগৰ আগশাৰীৰ পাৰদৰ্শী ব্যক্তি ৰীতা গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

ইয়াৰোপৰি টিহু অঞ্চলৰ আন কেইবাটাও অনুষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস পালন কৰে।

Also Read: সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাক আদৰণি সাংসদ ৰৌণগৌৰা নাৰ্জাৰীৰ

tihu International Yoga Day