টিহুত যোগাসন প্ৰতিযোগিতা সমাপন

টিহুত যোগাসন প্ৰতিযোগিতা সমাপন

author-image
Asomiya Pratidin
New Update
টিহুত যোগাসন প্ৰতিযোগিতা সমাপন

ডিজিটেল সংবাদ, নলবাৰী : সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা (আইনা), নলবাৰী ক্ৰীড়া সন্থাৰ যোগ বিভাগৰ উদ্যোগত আৰু টিহুৰ সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰৰ সহযোগত ৪ আগষ্টত নলবাৰী জিলা ভিত্তিত যোগাসন প্ৰতিযোগিতা এখনৰ আয়োজন কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই টিহুৰ জাতীয় বিদ্যালয়ত আয়োজিত এই প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে।

Advertisment

অনুষ্ঠানত টিহু জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰণী ডেকা, সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থাৰ ( আইনা) সভাপতি তথা যোগ প্ৰশিক্ষক বসন্ত মজুমদাৰ, যোগ প্ৰশিক্ষক দীপিকা দেৱী, গোৰেশ্বৰৰ আয়ুষ্মান যোগা কেন্দ্ৰৰ যোগ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি ডেকা, যোগ সেৱিকা ৰীতা গোস্বামী, দীপিকা দেৱী, শিক্ষয়িত্ৰী পাৰুল গোস্বামী প্ৰমুখ্যে কেইবাগৰাকী লোকে অতিথি হিচাপে ভাগ লয়।

সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰৰ স্বত্বাধিকাৰ তথা যোগ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি হালৈ আৰু লিপিকা ডেকাৰ তত্ত্বাৱধানত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি ০-১০ বছৰৰ ল’ৰা শাখাত প্ৰথম স্থান লাভ কৰে অংগৰাজ দাসে।

একেদৰে দ্বিতীয় জৰ্নিল‌ তালুকদাৰ, তৃতীয় হৃষিকেশ তালুকদাৰ আৰু দেৱাশিস শৰ্মা; ০-১০ বছৰৰ ছোৱালী শাখাত প্ৰথম নয়নিকা তালুকদাৰ, দ্বিতীয় নিতিশা হালৈ তথা নিকিতা ডেকা আৰু তৃতীয় স্থান লাভ কৰে সৃষ্টিনয়না দাসে।

ইয়াৰোপৰি ১১-১৫ বছৰৰ ল'ৰা শাখাত প্ৰথম মৌচম বেজবৰুৱা, দ্বিতীয় ৰিতুৰাজ কাশ্যপ আৰু হিমন্ত বিজু বৰ্মন, তৃতীয় স্থান লাভ কৰে মানসপ্ৰতিম কলিতা আৰু কমল কলিতাই। ইফালে ১১-১৫ বছৰৰ ছোৱালী শাখাত প্ৰথম স্থান লাভ কৰে ৰিয়া বৰ্মনে।

আনহাতে দ্বিতীয় ভায়োলিনা হালৈ আৰু তৃতীয় স্থান লাভ কৰে লিজা ডেকাই। প্ৰতিযোগিতাৰ অন্তত বঁটা প্ৰদান কৰা হয়।

Also Read: লেজাৰমেনখ্যাত ডা০ অৰূপ কুমাৰ নাথক ৰাজহুৱা সম্বৰ্ধনা

tihu