আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী : ৰাজস্থানৰ পৰা উদ্ধাৰ ২ অসমীয়া যুৱতী

আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী : ৰাজস্থানৰ পৰা উদ্ধাৰ ২ অসমীয়া যুৱতী

ডিজিটেল ডেস্কঃ সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে ৪ নাৰী সৰবৰাহকাৰী। সৰ্থেবাৰী আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে আনোৱাৰ হুছেইন, জয়নুৰ আলী, চাহেৰ আলী আৰু আমিনুল হক নামৰ নাৰী সৰবৰাহৰ লগত জড়িত ব্যক্তিকেইজনক।

উল্লেখ্য যে, আটকাধীন লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাজস্থানত চলিছিল উদ্ধাৰ অভিযান। এই অভিযানত ৰাজস্থানৰ পৰা উদ্ধাৰ কৰা হৈছে দুগৰাকী অসমৰ যুৱতী। জানিব পৰা মতে, নাৰী সৰবৰাহকাৰীকেইটাৰ বিৰুদ্ধে ইতিমধ্যে থানাত ৰুজু কৰা হৈছে গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in