/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5d31aebb-2c34-472d-ac26-374167360863/z10.jpg)
ডিজিটেল সংবাদ, দৌলাশাল: নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ ৬১নং ঘোগা গাঁও পঞ্চায়তৰ সোমবাৰে এখন বিশেষ গাঁওসভা অনুষ্ঠিত হয়৷ গাঁও পঞ্চায়তখনৰ অন্তৰ্গত লাউতোলা মধ্য ইংৰাজী বিদ্যালয়ৰ সভাগৃহত গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগমৰ সভাপতিত্বত অনুষ্ঠিত হয় বিশেষ গাঁওসভাখন৷
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত পঞ্চায়ত সভানেত্ৰী ৰিজুমা বেগমে বন্তি প্ৰজ্বালন আৰু পঞ্চায়ত সচিব মজহাৰুল ইছলামে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বিশেষ গাঁওসভাৰ শুভৰাম্ভণি কৰে৷ ঘোগা-বদনি আখিয়া গাঁও পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ছফিকুৰ ৰহমানে আঁত ধৰা বিশেষ গাঁওসভাত বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলীয়ে উপস্থিত থাকি গাঁও পঞ্চায়তৰ বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত ভাষণ প্ৰদান কৰে৷ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে বৃদ্ধ পেঞ্চন, জৱকাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, জল জীৱন মিছন আঁচনি, চৰকাৰী শৌচালায়, মহাত্মা গান্ধী গ্ৰাম চড়ক যোজনা আঁচনি সন্দৰ্ভত বিস্তৃতভাৱে ভাষণ দিয়ে ৷
বিডিঅ বাপধন আলীয়ে প্ৰকৃত তথা যোগ্য হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ ১০০ শতাংশই সুফল লাভ কৰিব বুলি মন্তব্য কৰে ৷ যোগ্য হিতাধিকাৰীসকলে আঁচনিৰ সুফল লাভ কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধি আৰু পঞ্চায়তৰ সচিব, কৰ্মচাৰীসকলক বিশেষভাৱে গুৰুত্ব দিবলৈ আহ্বান জনায়৷ তদুপৰি কোনো যোগ্য হিতাধিকাৰীয়ে যাতে প্ৰাপ্যৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে আহ্বান জনায়৷
২০২৪-২৫ বৰ্ষৰ বাবে গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ, অমৃত কলহ যাত্ৰা আৰু আয়ুস্মান কাৰ্ড সন্দৰ্ভত অনুষ্ঠিত কৰা হয় বিশেষ গাঁওসভাখন ৷ সভাত বিগত বৰ্ষৰ খতিয়ানসমূহো দাঙি ধৰা হয়৷ গাঁওসভাত উপস্থিত ৰাইজক সংকল্প পাঠ কৰায় গাঁও পঞ্চায়তৰ সচিব মজহাৰুল ইছলামে৷
গাঁওসভাত লাউতোলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী লীলাধৰ নাথে আয়ুস্মান কাৰ্ড বিতৰণ, স্বাস্থ্য বিষয়ক আঁচনি আৰু সেৱা সন্দৰ্ভত ভাষণ প্ৰদান কৰি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে আয়ুস্মান কাৰ্ডৰ সুবিধা লাভ কৰিব বুলি কয়৷ গাঁওসভাত লাউতোলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা: নুপুৰ ভূঞা, সমাজকৰ্মী মোস্তাফা আলীকে প্ৰমুখ্য কৰি গাঁও পঞ্চায়তখনৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক লোক উপস্থিত থাকে৷ সভাত লাউতোলা গাঁৱৰ কেইবাটাও পৰিয়ালক আয়ুস্মান কাৰ্ড বিতৰণ কৰা হয়৷
Also Read: মানকাচৰত ড্ৰাগছ বিৰোধী ফুটবল টুৰ্ণামেন্টৰ শুভ উদ্ধোধন