/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/19ac8e92-6c8d-4745-8b9f-bcf8c3e06964/92.jpg)
ডিজিটেল সংবাদ,দৌলাশাল : ভক্তিৰসত জীপাল হৈ পৰিছে বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্মগাঁও লাউপাৰা ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লাউপাৰা গাঁৱত বিগত ২৬ বছৰৰ দৰে আজিও গাঁওবাসীয়ে অনুষ্ঠিত কৰিছে ভাগৱত পাঠ অনুষ্ঠান ৷
লাউপাৰা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত গাঁওবাসীৰ অপায়-অমংগল দূৰ কৰাৰ অৰ্থে গাঁওবাসীয়ে ১৯৯৬ চনৰ পৰা ঐতিহাসিক শ্ৰীশ্ৰী শ্যামৰায় সত্ৰত অনুষ্ঠিত কৰি আহিছে ভাগৱত পাঠ অনুষ্ঠান ৷ ২৭ তম ভাগৱত পাঠ অনুষ্ঠান উপল্যক্ষে আজি পুৱা শ্যামৰায় সত্ৰত ধৰ্মধ্বজ্জা উত্তোলন কৰে শ্ৰীশ্ৰী শ্যামৰায় সত্ৰৰ সত্ৰাধিকাৰ দেবেন্দ্ৰ নাথ গোস্বামীয়ে ৷
বন্তি প্ৰজ্বালন কৰে কনিষ্ঠ ভকত অংকুৰ কলিতাই ৷ তাৰ পিছতে সত্ৰৰ ভকতবৃন্দক জনোৱা হয় বিশেষ সম্বৰ্ধনা ৷ দিনৰ ১১ বজাৰ পৰা উলিওৱা হয় ভাগৱত শোভাযাত্ৰা ৷
গাঁওখনৰ জীয়ৰী-বোৱাৰী, আবাল-বৃদ্ধ,বণিতাই অংশগ্ৰহণ কৰে ভাগৱত শোভাযাত্ৰাত ৷ শংখ ধ্বনি,খোল,তাল,আয়তীৰ নাম প্ৰসংগ,সংকীৰ্ত্তন,নাগাৰা নাম আদিৰে গাঁওখনৰ প্ৰতিটো চুবুৰীয়ে চুবুৰীয়ে উলিওৱা বৰ্ণিল শোভাযাত্ৰাত ভক্তিৰসত বুৰ যায় সমগ্ৰ গাঁওখন।
গাঁওখনৰ প্ৰতিটো পৰিয়ালে পদূলি পদূলিয়ে কলগছ ৰোপণ কৰি ধুপ-ধূনা নৈবদ্য আগবঢ়ায় ভাগৱত বহনকাৰীৰ চৰণ চুই ভাগৱতৰ আশীৰ্বাদ গ্ৰহণ কৰা দেখা যায় ৷ ভাগৱত শোভাযাত্ৰাৰ অন্তত গাঁওৱাসীয়ে সমূহীয়া ভোগ গ্ৰহণ কৰে ৷
পোন্ধৰ শতিকাত লাউপাৰা গাঁওত স্থাপিত শ্যামৰায় সত্ৰত বিয়লি ভাগৱত পাঠ কৰে পাঠক খগেন্দ্ৰ নাথ মেধিয়ে ৷ উল্লেখযোগ্য যে ১৯৯৬ চনত লাউপাৰা গাঁৱৰ দক্ষিণ দিশৰ ভূমি সন্দেহযুক্ত মিঞাৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁতেই গাঁওখনৰ তিনিজন সুঠাম ডেকা ক্ৰমে কনক কলিতা (১৭), পৰশু কলিতা (২০) আৰু নিৰেন মেধিয়ে (১৭) প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷
তদুপৰি সেই সময়চোৱাতে গাঁওখনৰ আন কেইবাগৰাকীও যুৱক-যুৱতীয়ে অচিন ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱতি লৈছিল ৷ তেতিয়াৰে পৰা গাঁওবাসীৰ মঙ্গল কামনা কৰি গাঁওবাসীয়ে ভাগৱত পাঠ অনুষ্ঠিত কৰি আহিছে বুলি জানিবলৈ দিয়ে লাউপাৰা গাঁও পৰিচালনা সমিতিৰ সভাপতি ভবেন চন্দ্ৰ মেধি আৰু সম্পাদক দীপেন্দ্ৰ তালুকদাৰে ৷
Also Read: ম'হপাৰা গাঁৱত বনৰীয়া ম'হৰ সন্ত্ৰাস
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us