দপদপকৈ জ্বলি উঠিল চলন্ত বাহন...

নলবাৰী জিলাৰ দৌলাশালত শনিবাৰে এখন মাল ভৰ্তি চলন্ত ভ্যেন মুহূৰ্ততে দপদপকৈ জ্বলি উঠাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

author-image
Asomiya Pratidin
New Update
দপদপকৈ জ্বলি উঠিল চলন্ত বাহন...

ডিজিটেল সংবাদ, দৌলাশাল: নলবাৰী জিলাৰ দৌলাশালত শনিবাৰে এখন মাল ভৰ্তি চলন্ত ভ্যেন মুহূৰ্ততে দপদপকৈ জ্বলি উঠাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ জানিব পৰা মতে বৰক্ষেত্ৰীৰ লাৰকুছিৰ শনিবৰীয়া সাপ্তাহিক বজাৰৰ পৰা মৰাপাটৰ ডাল কঢ়িয়াই আনি থকা অৱস্থাত দৌলাশাল আই বি ৰোডত পথৰ ওপৰেৰে পাৰ কৰা বিদ্যুতৰ তাঁৰত লাগে মৰাপাটৰ ডালসমূহ ।

Advertisment

মুহূৰ্ততে বিদ্যুৎস্পৃষ্ট হৈ জুইৰ সূত্ৰপাত হয় গাড়ীখনত। গাড়ী চালকে গাড়ীখন চলাই থকা অৱস্থাতে ভয়ংকৰভাৱে জুই জ্বলি উঠে বাহনখনে কঢ়িওৱা মৰাপাটৰ শুকান ডালত। নিমিষতে জুইয়ে গোটেই গাড়ীখন আগুৰি ধৰাত অঞ্চলতটোত হুৱাদুৱা লাগে।

দৌলাশাল আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায় । স্থানীয় লোকে ঘটনা সংক্ৰান্তত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত মুকালমুৱা অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় । ইপিনে বিদ্যুৎ বিভাগেও ততাতৈয়াকৈ বিদ্যুৎ সংযোগ বিচ্ছন্ন কৰি দিয়ে । ফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে দৌলাশাল গাঁওবাসী ।

গাড়ীখনে মৰাপাটৰ ডাল সমূহ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত চতলালৈ লৈ আহি থকা  বুলি জানিব পৰা গৈছে ৷ গাড়ীখনৰ প্ৰায় অংশই জুইত ভষ্ম হোৱাৰ লগতে চালকজনৰ শৰীৰত জুই লগাত  স্থানীয় লোকে দৌলাশাল প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় চালকজনক ।  গাড়ীখনৰ চালকজনৰ অসাবধানতাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

Also Read: কৰুণ! ৩ বছৰীয়া শিশুকে ধৰি এটা পৰিয়ালৰ ৭জন সদস্যৰ মৃতদেহ উদ্ধাৰ

fire