শতায়ু গৰকা টিহুৰ শুৱনি বেজবৰুৱাৰ দেহাৱসান ...

নলবাৰী জিলাৰ টিহু চক্ৰৰ নান্নাট্টাৰী নিৱাসী, ধৰ্মপ্ৰাণ, সাদৰী নাৰী, ১০০ বছৰ অতিক্ৰম কৰা শুৱনি বেজবৰুৱাৰ ৩ এপ্ৰিলৰ পুৱা প্ৰায় ১০ বজাত দেহাৱসান হয় । বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত দেহাৱসান হোৱা এইগৰাকী আধুনিক মনৰ অধিকাৰী নাৰীৰ দেহাৱসানত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

author-image
Asomiya Pratidin
New Update
শতায়ু গৰকা টিহুৰ শুৱনি বেজবৰুৱাৰ দেহাৱসান ...

শুৱনি বেজবৰুৱা

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ টিহু চক্ৰৰ নান্নাট্টাৰী নিৱাসী, ধৰ্মপ্ৰাণ, সাদৰী নাৰী, ১০০ বছৰ অতিক্ৰম কৰা শুৱনি বেজবৰুৱাৰ ৩ এপ্ৰিলৰ পুৱা প্ৰায় ১০ বজাত দেহাৱসান হয় । বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত দেহাৱসান হোৱা এইগৰাকী আধুনিক মনৰ অধিকাৰী নাৰীৰ দেহাৱসানত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Advertisment

তেওঁ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক-সাংবাদিক পংকজ বেজবৰুৱা সহিতে পাঁচ গৰাকী পুত্ৰ-বোৱাৰী, দুগৰাকী জীয়াৰী, নাতি-পুতি পোন্ধৰটা, কেইবাটিও আজোনাতি-নাতিনী, আত্মীয় কুটুম্ব আৰু বহু গুণমুদ্ধক ইহ সংসাৰত এৰি থৈ যায় ।

শুৱনি বেজবৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডঃ সূৰ্যকান্ত হাজৰিকা, উপ সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা, সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, প্ৰকাশন আহ্বায়ক গোৱিন্দ কলিতা, অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মা, স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, মন্ত্ৰী জয়ম্ত মল্ল বৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ কুলধৰ শইকীয়া, উপ সভাপতি মৃণালিনী দেৱী, প্ৰধান সম্পাদক যাদৱ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ডঃ লীনা ডেকা, উপ সভাপতি লক্ষী পাটোৱাৰী, আদিকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে ।

Also Read: বটদ্ৰৱাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী...