নাই দান-বৰঙণি: নলবাৰীৰ তিলানা তামুলী শিৱ মন্দিৰত ব্যতিক্ৰমী শিৱৰাত্ৰি...

নাই দান-বৰঙণি: নলবাৰীৰ তিলানা তামুলী শিৱ মন্দিৰত ব্যতিক্ৰমী শিৱৰাত্ৰি...

author-image
Asomiya Pratidin
New Update
নাই দান-বৰঙণি: নলবাৰীৰ তিলানা তামুলী শিৱ মন্দিৰত ব্যতিক্ৰমী শিৱৰাত্ৰি...

নাই দান-বৰঙণি: নলবাৰীৰ তিলানা তামুলী শিৱ মন্দিৰত ব্যতিক্ৰমী শিৱৰাত্ৰি...

ডিজিটেল সংবাদ বাঁহজানীঃ আজি শিৱৰাত্ৰি উপলক্ষে নলবাৰী জিলাৰ বাঁহজানীৰ ঐতিহ্যমণ্ডিত তিলানা শিৱ মন্দিৰত অগনণ ভক্তৰ সমাগম ঘটে। উল্লেখ্য যে, শিৱৰ ওচৰত পূজা অৰ্চনাৰে নিজৰ লগতে সমাজৰ মংগলাৰ্থে আজি ৰাতিপুৱাৰে পৰা তিলানা নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত অৱস্থিত শিৱ মন্দিৰত ভক্ত প্ৰাণ ৰাইজৰ সমাগমেৰে এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয়।

Advertisment

ঐতিহ্যমণ্ডিত এই শিৱ মন্দিৰত আজি হেজাৰ হেজাৰ ভক্তই শিৱৰ ওচৰত সেৱা লয়। উল্লেখনীয় যে, প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত উক্ত শিৱ মন্দিৰত প্ৰতিবছৰে কোনো দান-বৰঙণি নহোৱাকৈ বিশিষ্ট সমাজসেৱক গণেশ তামুলীয়ে নিজা উদ্যোগত শিৱৰাত্ৰিৰ আয়োজন কৰি আহিছে।

এইবেলি অইনবাৰৰ তুলনাত যথেষ্ট ভক্তৰ সমাগম পৰিলক্ষিত হয়। তাৎপৰ্যপূৰ্ণ যে শিৱ মন্দিৰটোৰ মুখ্য পৰিচালক গণেশ তামুলীয়ে শিৱৰাত্ৰী উপলক্ষে প্ৰতিবাৰে নিশাৰ বিপৰীতে দিনৰ ভাগতে ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

এইবাৰো শিৱৰাত্ৰি উপলক্ষে দিনৰ ১১ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। শিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে, সমগ্ৰ ভাৰত বৰ্ষত আটাইতকৈ পূজিত দেৱতা হ'ল শিৱ।

তেওঁ কয়, শিৱৰ প্ৰতি যে মানুহৰ প্ৰেম, শ্ৰদ্ধা, ভক্তি অধিক তাৰমানে শিৱই আমাক ধন, অশ্বৰ্য, বিভূতি দিয়ক বুলি নহয়। বিপদত ত্ৰাণ কৰ্তা হৈ থকাৰ লগতে সকলোৰে কল্যাণ বিচৰা,সকলোকে সন্তুষ্ট হৈ বৰ দিৱ পৰা শিৱ একমাত্ৰ দেৱতা বুলি দোহাৰে।

শিৱৰ নৃত্যই নাৰীৰ সম্পূৰ্ণ ৰূপ প্ৰাণোজ্জ্বল ভাৱে তুলি ধৰা বুলি কৈ মহন্তই মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এখন সুশৃংখলিত সমাজ বৰ্তি থাকিব বুলি মন্তব্য কৰে। অনুষ্ঠানত জনপ্ৰিয় কণ্ঠ শিল্পী সমৰ হাজৰিকা, অজয় ফুকন, কুইন তালুকদাৰ, দোস্ত হান্নান, সুনীল দাস, বিদ্যা তামুলীকে ধৰি কেবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰে।

অনুষ্ঠানত বিশিষ্ট অভিনেতা অতুল পাচনি, ৰমেন তামুলী, অসম প্ৰদেশ বিজেপিৰ সাংগাঠনিক সাধাৰণ সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা, সাংসদ দিলীপ শইকীয়া, বিশিষ্ট চিকিৎসক প্ৰণৱ বৰুৱা, অৱসৰি আৰক্ষী বিষয়া হেমন্ত কুমাৰ ভট্টাচাৰ্য, অসমীয়া বোলছবিৰ প্ৰযোজক ৰজনী বৰ্মনকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিক ফুলাম জাপি, গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উক্ত অনুষ্ঠানতে বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীক অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে ফুলাম জাপি, গামোছা, মানপত্ৰৰে সম্বৰ্ধনা জনায়।

শিল্পী সুনীল দাসে আঁতধৰা সাংস্কৃতিক অনুষ্ঠানত অভিনেতা অতুল পাচনি, ৰমেন তামুলী, হৰিশ তালুকদাৰৰ কৌতুক অভিনয়ে আৰু ঘগ্ৰাপাৰৰ লোক সংস্কৃতি শিল্পীৰ দলে পৰিবেশন কৰা থিয়া নামে ৰাইজক বাৰুকৈ আপ্লুত কৰি তোলে। সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে বৃক্ষৰোপন, বন্তি প্ৰজ্বলন, আয়তিৰ নাম-প্ৰসংগ অনুষ্ঠিত হয়। সন্ধিয়া নগাৰা নাম পৰিবেশন কৰে হাজোৰ পাঠিকা হিমাশ্ৰী ডেকাই।

Also Read: এখন বিদ্যালয়ে কান্দিছে...

শিৱৰাত্ৰি তিলানা তামুলী শিৱ মন্দিৰ