জ্যেষ্ঠ নাগৰিকে দিব লাগিব পৰিৱৰ্তনৰ নতুন পথ : প্ৰসন্ন কুমাৰ বৰঠাকুৰ

জ্যেষ্ঠ নাগৰিকে দিব লাগিব পৰিৱৰ্তনৰ নতুন পথ : প্ৰসন্ন কুমাৰ বৰঠাকুৰ

ডিজিটেল সংবাদ,গুৱাহাটী : "আজিৰ সমাজ জীৱনৰ প্ৰেক্ষাপটত আমাৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। সমাজৰ বিভিন্ন সমস্যাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ সমস্যাও বাঢ়িল। ৰাষ্ট্ৰসংঘই প্ৰদান কৰা সুবিধাবোৰ প্ৰকৃত অৰ্থত আজিও জ্যেষ্ঠ নাগৰিকে লাভ কৰা নাই।

চৰকাৰৰ পৰা উপেক্ষিত হৈছে জ্যেষ্ঠ নাগৰিক। নিজৰ দায়বদ্ধতা পালন কৰাত বিফল হোৱা সকলক সততা আৰু নিষ্ঠাৰে নৱগঠিত শক্তিৰে প্ৰতিবাদী কাৰ্যসূচীৰে জ্যেষ্ঠ নাগৰিকে দিব লাগিব পৰিবৰ্তনৰ নতুন পথ। প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিক হ'ব লাগে একোজন প্ৰজ্ঞাৰ সৈনিক।"এই মন্তব্য অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰৰ।

যোৱা ২৪ ডিচেম্বৰত নলবাৰীৰ জাপাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰেক্ষাগৃহত জাপাৰকুছি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম বাৰ্ষিক সাধাৰণ সভাত উপলক্ষে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে যোগদান কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে। ভাষণ প্ৰসংগত বৰঠাকুৰে চৰকাৰৰ পূন্যধাম মাত্ৰা, ধৰ্মজ্যোতি আঁচনি আদিৰ কথাও উল্লেখ কৰি জ্যেষ্ঠ নাগৰিকসকলক এনে আঁচনিৰ সুবিধা লোৱাৰ আহ্বান জনায়।

জাপাৰকুছি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰজনী বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে যোগদান কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰেছ‌‌‌ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে কয় যে, প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিক একোগৰাকী শ্ৰেষ্ঠ নাগৰিক হৈ নিজৰ নিজৰ সমাজখনৰ সমস্যাৰ বুজলৈ জনপ্ৰতিনিধিক সংঘবদ্ধভাৱে অৱগত কৰাৰ সময় সমাগত। বৰ্তমান মদৰ সমস্যাই লোৱা ভয়াৱহ ঘটনাৰ দৃষ্টান্ত দাঙি ধৰি অসমত মদ বন্ধ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।

লগতে ভাৰতৰ আন এক ৰাজ্যত মদ বন্ধৰ জনহিতৈশী চৰকাৰী আঁচনিৰ কথা ব্যাখ্যা কৰে। সৰ্বভাৰতীয় জ্যেষ্ঠ নাগৰিক কনফেডাৰেচনৰ প্ৰস্তাৱৰ ব্যাখ্যা কৰি‌ জনপ্ৰতিনিধিক জ্যেষ্ঠ নাগৰিকে এনে প্ৰস্তাৱ অবগত কৰাৰ ব্যাখ্যা কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰে নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ পাঠকে।

তেওঁ জ্যেষ্ঠ নাগৰিক সকলক সমাজৰ সন্মানীয় ব্যাক্তি হিচাপে স্থান দিয়াটো উচিত বুলি কয়। লগতে এনে লোকৰ পৰা পোৱা পৰামৰ্শেৰে সমাজৰ হিতৰ বাবে কাম কৰাৰ কথা কয়।

সন্মিলনৰ সাধাৰণ সম্পাদক বিনন্দ হাজৰিকাই সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে যোগদান কৰি শিক্ষাবিদ দেবব্ৰত বৰদলৈয়ে এনে অনুষ্ঠান পৰিপক্ক লোকৰ সংহতি বুলি জনহিতৈশী পৰিকল্পনা আশা কৰে।

সভাত নব্বৈ ঊৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক ৰূপৰাম বৰ্মন আৰু যুৱকৰ্মী কৌশিক বৰ্মনক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত বক্তব্য ৰাখি আমন্ত্ৰিত ব্যাক্তিৰ যোগেন্দ্ৰ শীলে জ্ঞানী লোকৰ এনে অনুষ্ঠানত প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰৰ আলোচনা আপ্লুত হোৱা বুলি কয়।

সভাপতি ৰজনী বৰ্মনে বিভিন্ন প্ৰান্তৰ পৰা আহি সভাবৰ্ধন কৰাত সকলোকে জনহিতৰ বাবে কাম কৰাৰ আহ্বান জনায়।

নীলপৱন বৰুৱা কলা প্ৰদীপ বঁটাপ্ৰাপক গৌৰী বৰ্মনক বিপুল সম্বৰ্ধনা

জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সভাতেই ৰজনী বৰ্মনৰ সভাপতিত্বত জাপাৰকুছি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্যতম সদস্য গৌৰী বৰ্মনে এইবাৰ অসম চাৰু কাৰু কলা পৰিষদ, গুৱাহাটীৰ পৰা,"নীলপৱন বৰুৱা কলা প্ৰদীপ"বটা লাভ কৰাত তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। জ্যেষ্ঠ নাগৰিক সন্মিলন জাপাৰকুছিৰ উদ্যোগত ৰজনী বৰ্মনৰ সভাপতিত্বত কুৰিটাতকৈ স্থানীয় গণসংগঠন,প্ৰায় ডেৰকুৰি বিশিষ্ট নাগৰিকে ফুলাম জাপি, ফুলাম গামোছা, শৰাই, মহৎ গ্ৰন্থ আদিৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা জনোৱা সংগঠনৰ ভিতৰত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ জাপাৰকুছি, গাঁও উন্নয়ন সমিতি জাপাৰকুছি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জাপাৰকুছি, ৰংঘৰ কলা কেন্দ্ৰ, গ্ৰাম্য পুথিভঁৰাল জাপাৰকুছি, পূজা সমিতি, শনিমন্দিৰ সমিতি জাপাৰকুছি, নবাৰুণ ক্লাব আদি উল্লেখযোগ্য। আনহাতে বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ, প্ৰেছ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মন, বাঁহীবাদক সত্যেন দত্ত, সমাজকৰ্মী হীৰেন্দ্ৰ কুমাৰ শৰ্মা, শিক্ষয়িত্ৰী ঊষা দেৱী, মিনু বৈশ্য, ৰুবুল দাস আৰু যোগেন্দ্ৰ নীল উল্লেখযোগ্য।

জ্যেষ্ঠ নাগৰিকে দিব লাগিব পৰিৱৰ্তনৰ নতুন পথ : প্ৰসন্ন কুমাৰ বৰঠাকুৰ
চাৰিদুৱাৰত ডাইনী বুলি নিৰ্বসন দিলে দম্পতীক: ঘৰ-দুৱাৰ ভাঙি তহিলং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in