কণ্ঠশিল্পী সংস্কৃতা মালাকাৰলৈ অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা

অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটাৰ বাবে নিৰ্বাচিত হৈছে যুৱ সংগীত শিল্পী সংস্কৃতা মালাকাৰ আৰু যুৱ অভিনেতা তথা নাট্যকাৰ বিজিত কুমাৰ দাস।

author-image
Asomiya Pratidin
New Update
কণ্ঠশিল্পী সংস্কৃতা মালাকাৰলৈ অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা

ডিজিটেল সংবাদ, দৌলাশাল: অসমৰ এটি অন্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ প্ৰভাতে বিগত ৮টা বছৰৰ দৰে এইবেলিও ঘোষণা কৰিছে কেইবাটাও শিতানৰ বঁটা । ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত ব্যক্তিক প্ৰদান কৰা হ'ব বঁটাসমূহ। অসম অনুসূচিত জাতি প্ৰাণ বঁটা, অসম অনুসূচিত জাতি গৌৰৱ বঁটা, অসম অনুসূচিত জাতি শিল্পী বঁটা, অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা ঘোষণা কৰিছে সংগঠনটোৱে।

Advertisment

অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটাৰ বাবে নিৰ্বাচিত হৈছে যুৱ সংগীত শিল্পী সংস্কৃতা মালাকাৰ আৰু যুৱ অভিনেতা তথা নাট্যকাৰ বিজিত কুমাৰ দাস। যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী সংস্কৃতা মালাকাৰে এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।

বিশিষ্ট কবি- সাহিত্যিক তথা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা গোবিন্দ মালাকাৰৰ কন্যা সংস্কৃতা মালাকাৰৰ এই সফলতাত অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে অসমৰ অন্যতম সাহিত্য- সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমে। বিৰিণা গোষ্ঠী-অসমৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানে সংস্কৃতা মালাকাৰলৈ অভিনন্দন জ্ঞাপন কৰি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

উক্ত বঁটাৰ বাবে নিৰ্বাচিত হোৱাত কণ্ঠশিল্পী সংস্কৃতা মালাকাৰে সুখ অনুভৱ কৰি কয় "এয়া মোৰ জীৱনৰ প্ৰথমটো বঁটা । এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাত সুখ অনুভৱ কৰিছোঁ। মোৰ এই প্ৰাপ্তিৰ বাবে মোৰ পৰিয়ালৰ লগতে শুভাকাংক্ষীসকলৰ ওচৰত কৃতজ্ঞ হৈ থাকিম।"

নৱ প্ৰভাত আৰু নৱ প্ৰভাত ইন্সটিটিউট অৱ ফেশ্বন টেকন'লজীৰ সমূহ কৰ্ম-কৰ্তালৈও ধন্যবাদ জ্ঞাপন কৰে সংস্কৃতা মালাকাৰে । নৱ প্ৰভাত আৰু নৱ প্ৰভাত ইন্সটিটিউট অৱ ফেশ্বন টেকন'লজীৰ উদ্যোগত অহা ৭ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া "এন্ধাৰৰ পৰা পোহৰলৈ বুলি" শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা।

nalbari