মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰবীণ খেলুৱৈ জিতেন শৰ্মাক সাহিত্য সভাৰ সম্পাদকৰ বিহুৰ ওলগ...

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰবীণ খেলুৱৈ জিতেন শৰ্মাক সাহিত্য সভাৰ সম্পাদকৰ বিহুৰ ওলগ...

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰবীণ খেলুৱৈ জিতেন শৰ্মাক সাহিত্য সভাৰ সম্পাদকৰ বিহুৰ ওলগ...

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰবীণ খেলুৱৈ জিতেন শৰ্মাক সাহিত্য সভাৰ সম্পাদকৰ বিহুৰ ওলগ...

ডিজিটেল সংবাদ নলবাৰী: অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিত শৰ্মাই দেওবাৰে নিশা নলবাৰীৰ সোণপুৰত এক অনুষ্ঠানত উপস্থিত থাকি অসমৰ পৰ্যটন, দক্ষতা বিকাশ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বহাগৰ ওলগনি পত্ৰৰে শুভকামনা জ্ঞাপন কৰে। প্ৰধান সম্পাদকগৰাকীৰ সৈতে উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, সাহিত্যিক, নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা আৰু অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাসৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা ।

মন্ত্ৰী বৰুৱাই সাহিত্য সভাৰ এই সম্ভাষণ তেওঁৰ সামাজিক জীৱনৰ সবিনয় স্বীকৃতি বুলি মত ব্যক্ত কৰি অনাগত দিনত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাহিত্য সভাক সৰ্বোতপ্ৰকাৰে সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ আগেয়ে ড০ শৰ্মাই প্ৰবীণ খেলুৱৈ, নলবাৰী কলেজৰ প্ৰাক্তন আলোচনী সম্পাদক, অশীতিপৰ জিতেন্দ্ৰ নাথ শৰ্মাৰ বাসগৃহত গৈ তেখেতৰ সু-স্বাস্থ্য কামনা কৰি ব'হাগৰ শুভকামনা জ্ঞাপন কৰে আৰু ওলগনি পত্ৰৰে সম্ভাষণ জনায় ।

Also Read: ক'ত হেৰাইছিল জিতুল সোণোৱাল...

অসম সাহিত্য সভা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা