প্ৰাক্তন ছাত্ৰনেতা কুশল কুমাৰ মজুমদাৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি...

সদ্য প্ৰয়াত কুশল কুমাৰ মজুমদাৰৰ সজল সোঁৱৰণত দেওবাৰে দক্ষিণ নলবাৰী মহাবিদ্যালয়ত এখনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন ছাত্ৰনেতা কুশল কুমাৰ মজুমদাৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি...

ডিজিটেল সংবাদঃ নলবাৰীঃ নলবাৰী জিলাৰ বৃহত্তৰ বাঁহজানী নাগৰিক মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন ছাত্ৰনেতা, দক্ষিণ নলবাৰী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা শিক্ষাব্ৰতী সদ্য প্ৰয়াত কুশল কুমাৰ মজুমদাৰৰ সজল সোঁৱৰণত দেওবাৰে দক্ষিণ নলবাৰী মহাবিদ্যালয়ত এখনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । বৃহত্তৰ বাঁহজানী নাগৰিক মঞ্চৰ উদ্যোগত আৰু দক্ষিণ নলবাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভনীতে পুৱা দহ বজাত ছাত্ৰনেতাগৰাকীৰ প্ৰতিচ্ছবিত প্ৰয়াত মজুমদাৰৰ সহধৰ্মিণী নিৰ্মালী ডেকাই মাল্যাৰ্পণ কৰে ।

Advertisment

অনুষ্ঠানটোত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰি ক্ৰমে দক্ষিণ নলবাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ থানেশ্বৰ শৰ্মা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি মকিবৰ ৰহমান, অগপ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিলীপ কুমাৰ দাস, সমাজসেৱক মনোৰঞ্জন গোস্বামী আৰু ছাত্ৰ নেতা গৌতম বেজবৰুৱাই । তাৰ পিছতে দিনৰ ১২ বজাৰ পৰা সৰভোগ বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সোঁৱৰণী গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভাত " কৰ্মদীপ্ত কুশল " নামৰ সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰা হয় ।

গ্ৰন্থখনিৰ উন্মোচন কৰে বিশিষ্ট সাংবাদিক, নিৱন্ধকাৰ হাইদৰ হুছেইনে । উন্মোচন কৰি হুছেইনে কয় যে, "আজি একাংশ মানুহে নিজকে দেশপ্ৰেমী বুলি চিঞৰী ফুৰে।আচলতে তেওঁলোকে দেশপ্ৰেমী বুলি ভাওহে দিয়ে । নিস্বাৰ্থভাৱে দেশখনক, সমাজখনক আৰু মানুহক ভাল পাবলৈ শিকিব লাগিব । তেতিয়াহে দেশখন, সমাজখন সঠিক দিশেৰে আগবাঢ়িব । তেনেকুৱা ব্যক্তি আছিল প্ৰয়াত কুশল কুমাৰ মজুমদাৰ।"

তেওঁ লগতে কয়, "আজি সমাজখন পুনৰ নিৰ্মাণৰ প্ৰয়োজন হৈছে।জাতিটোক,ভৰিৰ তলৰ মাটিখিনি উদ্ধাৰ কৰিবলৈ আমি নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি তুলিব লাগিব।" সোঁৱৰণী গ্ৰন্থৰ সম্পাদক তথা বিশিষ্ট নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু-হৃদৰোগ কেন্দ্ৰৰ সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যই অংশ গ্ৰহণ কৰি ভাষণত কয় যে, "যি ব্যাক্তিয়ে আনৰ দুখত কান্দিব পৰা শক্তি যোগাব পাৰে সেই ব্যাক্তিয়ে সমাজৰ প্ৰিয়ভাজন হব পাৰে । প্ৰয়াত কুশল কুমাৰ মজুমদাৰ এনে এজন ব্যাক্তি আছিল যিয়ে আনৰ দুখৰ সমভাগী হব পাৰিছিল।"

প্ৰাক্তন ছাত্ৰ নেতা গিৰিধৰ ডেকাই আঁত ধৰা আৰু বৰভাগ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা সোঁৱৰণী গ্ৰন্থৰ সম্পাদক ড° বিপ্লৱ ডেকাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাখনত বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি দ্বীজেন কাকতী, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা উপস্থিত থাকি প্ৰয়াত কুশল মজুমদাৰৰ জীৱনৰ বিভিন্ন দিশ সামৰি স্মৃতিচাৰণ কৰে। ইয়াৰ পিছতে স্মৃতিচাৰণ সভা পৰিচালনা সমিতিৰ সম্পাদক জ্যোতিষ বৰ্মনৰ শলাগৰ শৰাইৰে সভাৰ সামৰণি পৰে। কৰ্মদীপ্ত কুশলৰ সম্পাদনা সহযোগী হিচাপে আছে প্ৰনৱ বৰ্মন আৰু মৃদুলজ্যোতি ডেকা ।

Also Read: বটদ্ৰৱাত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান...

tribute