সৰভোগৰ মইনবড়ী সত্ৰত দিনযোৰা পালনাম

সৰভোগৰ মইনবড়ী সত্ৰত দিনযোৰা পালনাম

ডিজিটেল সংবাদ, সৰভোগঃ সৰভোগৰ মইনবড়ী সত্ৰত অনুষ্ঠিত কৰা হৈছে দিনযোৰা পালনাম । শ্ৰী শ্ৰী নাৰায়ণ দাসঠাকুৰ আতাৰ ৫২৯ সংখ্যক আবিৰ্ভাৱ তিথি উদযাপন উপলক্ষে এই দিনযোৰা পালনাম অনুষ্ঠিত হয়।

অগনণ ৰথী -মহাৰথীৰে আগমনে সৰভোগৰ মইনবড়ী সত্ৰত আৰম্ভ হয় পালনাম ।মইনবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী আৰু বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ উপস্থিতিত দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে সৰভোগৰ মইনবড়ী সত্ৰৰ মণিকূট নামঘৰৰ গৃহ ।

২০০৫ চনত প্ৰাকৃতিক দুৰ্য্যেগত মইনবড়ী সত্ৰ সৰভোগলৈ স্থানান্তৰিত হৈছিল । সকলো ভক্তৰ উপস্থিতিৰে তৰুণ চন্দ্ৰ পাঠকে মইনবড়ী সত্ৰৰ কাৰ্য্যালয় মুকলি কৰে। ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ফণিধৰ তালুকদাৰ মইনবড়ী সত্ৰৰ পালনামত উপস্থিত হয় । সৰভোগৰ মইনবড়ী সত্ৰৰ ইতিহাস সংকলন উম্মোচন কৰে ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ফণিধৰ তালুকদাৰে আৰু সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি তথা গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে । উল্লেখযোগ্য যে কোকৰাঝাৰ লোকসভা সাংসদ নৱ কুমাৰ শৰণীয়া পালনামত উপস্থিত হৈ ভক্তসকলৰ লগত পালনাম পৰিৱেশন কৰে।

সৰভোগৰ মইনবড়ী সত্ৰত দিনযোৰা পালনাম
কিয় নিজকে নোবেল বঁটাৰ বাবে যোগ্য বুলি ক'লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in