প্রয়াত ধীৰেশ্বৰ মেধি সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠাৰ আয়োজন...

কৃতি শিক্ষক তথা অনাতাঁৰ শিল্পীগৰাকীৰ জন্ম দিনটোতে অনুষ্ঠিত হ'ব এই অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

প্রয়াত ধীৰেশ্বৰ মেধি সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠাৰ আয়োজন...

ডিজিটেল সংবাদ নলবাৰীঃ নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ বিহামপুৰ গাঁৱত অৱস্থিত বিহামপুৰ চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় এখন অতি পুৰণি আৰু অঞ্চলটোৰ অগ্রণী শিক্ষা প্রতিষ্ঠান। এইখন বিদ্যালয়ৰ পৰা ওলোৱা বহু শিক্ষার্থী এতিয়া সমাজ জীৱনত নিজ নিজ ক্ষেত্ৰত একোগৰাকী সু-প্রতিষ্ঠিত নাগৰিক। এই বিদ্যালয়ৰে ১৯৬৯ চনৰ প্রাক্তন শিক্ষার্থী অতুল চন্দ্র বর্মন আৰু বিজয় তালুকদাৰৰ আহ্বান ক্রমে যোৱা ১৪ অক্টোবৰ ২০২৩ ত উক্ত বিদ্যালয়খনৰ একাংশ প্রাক্তন শিক্ষার্থীৰ সভা এখন অনুষ্ঠিত হয়।

Advertisment

উক্ত সভাত 'বিহামপুৰ শিক্ষা বিস্তাৰ ছ'চাইটি' নামেৰে এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দিয়া হয়। এই সংস্থাই ভবিষ্যতে বিদ্যালয়খনৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ লগতে এই অঞ্চলটোত বিভিন্ন ধৰণৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক আদি বিভিন্ন ধৰণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি যোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।

এই সংস্থাৰ প্রথম পদক্ষেপ হিচাপে বিদ্যালয়খনৰ প্রাক্তন প্রধান শিক্ষক, কৃতী শিক্ষক তথা অনাতাঁৰ শিল্পী প্রয়াত ধীৰেশ্বৰ মেধিৰ সোঁৱৰণত প্ৰতি বছৰে এলানী স্মাৰক বক্তৃতা অনুষ্ঠিত কৰি যোৱাৰ পৰিকল্পনা কৰা হয়। সেই উদ্দেশ্যে প্রয়াত ধীৰেশ্বৰ মেধিদেৱৰ জন্মৰ দিনটোত অৰ্থাৎ ১ জুলাইত প্রথম স্মাৰক বক্তৃতা অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি চলোৱা হৈছে।

এইলানী স্মাৰক বক্তৃতাৰ প্ৰথমটো বক্তৃতাৰ বিষয় হ'ল- 'বর্তমান সময়ত বিদ্যালয় পৰ্য্যায়ত আধ্যাত্মিক শিক্ষাৰ প্রয়োজনীয়তা'। এই স্মাৰক বক্তৃতা প্রদান কৰিব জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মুনীন্দ্র তহবিলদাৰে। ১ জুলাই, ২০২৪, সোমবাৰে বিয়লি ৩ বজাৰ পৰা ১৫৫ নং বিহামপুৰ বালক প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই স্মাৰক বক্তৃতা অনুষ্ঠানলৈ বিদ্যালয়খনৰ প্রাক্তন শিক্ষার্থী, প্রাক্তন শিক্ষক, স্থানীয় ৰাইজ আৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষার্থীসকলক উদ্যোক্তাসকলৰ ফালৰ পৰা আন্তৰিকতাৰে আমন্ত্রণ জনাইছে।

Also Read: ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাই জিলাই বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী...

ধীৰেশ্বৰ মেধি