নলবাৰী জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফলৰ ঘোষণা...

সভাপতি পদত ড° লীনা ডেকা-সম্পাদক ৰূপে পংকজ বেজবৰুৱাদেৱৰ নাম আনুষ্ঠানিক ঘোষণা নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি পদত নিৰ্বাচিত লক্ষীকান্ত পাটোৱাৰী জিলা প্ৰতিনিধি ধ্ৰুৱজ্যোতি শৰ্মা মনোনীত

author-image
Asomiya Pratidin
New Update
নলবাৰী জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফলৰ ঘোষণা...

ডিজিটেল সংবাদ, নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফলৰ ঘোষণা। নলবাৰী জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ নিৰ্বাচনৰ ফলাফলৰ শুকুৰবাৰে ঘোষণা কৰে।

Advertisment

আজি জিলা সাহিত্য সভাৰ কাৰ্যালয়ত মুখ্য নিৰ্বাচনী বিষয়া ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু আন দুগৰাকী বিষয়া ক্ৰমে অধিবক্তা দিপুল তালুকদাৰ, কুতুব উদ্দিন আহমেদে ভোট গণনা সমাপ্ত কৰি ফলাফল নিৰ্বাচনী সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ হাতত অৰ্পণ কৰে। নিৰ্বাচনত জিলাখনৰ মুঠ ৪৫ খন শাখাই ভোটদান প্ৰদান কৰিছিল।

জিলা সাহিত্য সভাৰ সভাপতি হিচাপে সাহিত্যিক ড° লীনা ডেকা আৰু সম্পাদক হিচাপে পংকজ বেজবৰুৱা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে নিৰ্বাচন সমিতিয়ে। আনহাতে জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ বাবে উপ-সভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল সাহিত্যসেৱক খনীন্দ্ৰ চন্দ্ৰ নাথ আৰু লক্ষীকান্ত পাটোৱাৰীয়ে। নিৰ্বাচনী সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কাৰ্যনিৰ্বাহক সভাত লক্ষীকান্ত পাটোৱাৰী উপ-সভাপতি ৰূপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে । ফলাফলত লক্ষীকান্ত পাটোৱাৰীয়ে ৩৩ টা আৰু খনীন্দ্ৰ চন্দ্ৰ নাথে ১২ টা ভোট লাভ কৰে ।

ফলাফলৰ পিছতেই অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা আৰু জনগোষ্ঠী ইতিহাস প্ৰকল্প আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, জিলা সাহিত্য সভাৰ উপ-সভাপতি অতুল চন্দ্ৰ শৰ্মাৰ উপস্থিতিত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে ।

প্ৰস্তাৱ অনুসৰি অহা ৩০ এপ্ৰিলত বেলশৰত অধিৱেশন সম্পন্ন কৰা হ'ব । উক্ত সভাতে নৱ-নিৰ্বাচিত সভাপতি ড° লীনা ডেকাক সভাই দায়িত্ব অৰ্পণ কৰে । দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই সভাপতি ড° লীনা ডেকাৰ সভাপতিত্বত হোৱা প্ৰাৰম্ভিক বৈঠকত ২০-২৩ বৰ্ষৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাক জিলা প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয় ।

Also Read: আহি আছে প্ৰতীক হাজেলাঃ এন আৰ চি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ দাবী...

assam sahitya sabha