/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0d329af2-43ab-458b-a139-75ff508977f3/8.jpg)
ডিজিটেল সংবাদ, নলবাৰী: নলবাৰী জিলাৰ উপাসনাৰ অন্যতম প্ৰখ্যাত ঠাই নপ্তিপাৰাৰ গোপ গোপালথানত ২৯ নৱেম্বৰত অঞ্চলটোৰ সাহিত্যানুৰাগী লোকসকলৰ উপস্থিতিত এখন সাধাৰণ সভা সম্পন্ন হয়। সভাখনত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীয়ে।
নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই সভা আয়োজনৰ লক্ষ্য, উদ্দেশ্যৰ লগতে নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক দিশৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়াই অঞ্চলটোত সাহিত্য সংস্কৃতিৰ চৰ্চাৰ পৰিৱেশ উন্নত কৰাৰ হেতু আৰু নলবাৰী জিলা সাহিত্য সভা তথা অসম সাহিত্য সভাক অধিক গতি প্ৰদানত ভূমিকা লোৱাৰ উদ্দেশ্যে অঞ্চলটোৰ জনসাধাৰণক লৈ এখন শাখা সভা গঠন কৰিবলৈ আহ্বান জনায়।
সভাত সমৱেত সাহিত্যানুৰাগী লোকসকলে অঞ্চলটোৰ ৰাইজক লৈ নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত এখন শাখা সভা গঠনৰ বাবে ঐকমত্য পোষণ কৰে। এই সভাত সৰ্ব সন্মতিক্ৰমে অসম সাহিত্য সভাৰ সংবিধানৰ আধাৰত গোপ গোপালথান শাখা সাহিত্য সভা নামেৰে এখন নতুন শাখা সভা গঠন কৰি সাহিত্য সভাক শক্তিশালী কৰাৰ মত পোষণ কৰা হয়। সভাই সমীন বৈশ্যক সভাপতি, ভূমিধৰ বৰ্মন আৰু নাৰায়ণ তালুকদাৰক উপসভাপতি, কিশোৰ ৰাজবংশীক সম্পাদক, ব্ৰজেন বৰ্মনক সহকাৰী সম্পাদক, অখিল তালিকদাৰক পত্ৰিকা সম্পাদক, ধীৰেন বৰ্মনক কোষাধ্যক্ষ, নৱজিৎ বৰ্মনক কাৰ্যালয় সম্পাদক আৰু সদস্য সহিতে পোন্ধৰগৰাকী সদস্য বিশিষ্ট ‘গোপ গোপালথান শাখা সাহিত্য সভা’ গঠন কৰে।
এই সভাতে জিলা সাহিত্য সভাৰ সম্পাদকগৰাকীয়ে ১৯ ডিচেম্বৰত গোপ গোপালথান শাখা সাহিত্য সভাৰ উদ্যোগত, নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত অসম সাহিত্য সভাৰ মূল অনুষ্ঠান অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, আধুনিক চুটিগল্পৰ বাটকটীয়া বিশিষ্ট সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামী স্মৃতি দিৱস পালন কৰা সন্দৰ্ভত সভাত উপস্থিত থকা লোকসকলক ইতিবাচক আলোচনা কৰিবলৈ নিৱেদন কৰে।
সেই মৰ্মে অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু অসমৰ লোক পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, বিশিষ্ট সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীৰ জীৱন-কৃতি সন্দৰ্ভত ব্যাখ্যা কৰি মহান অসমীয়াগৰাকীৰ স্মৃতিদিৱস পালনৰ জৰিয়তে তেওঁক উচিতভাৱে শ্ৰদ্ধাঞ্জলি যচাৰ লগতে অঞ্চলটোত সাহিত্য চৰ্চাৰ ধাৰাক নতুন মাত্ৰা প্ৰদান কৰা হ’ব বুলি দোহাৰি বিদ্যায়তনিক দিশেৰে এই কাৰেযসূচী ৰুপায়ণৰ পোষকতা কৰে।
সভাত উপস্থিত থকা লোকসকলৰ ভিতৰত কেইবাগৰাকী লোকে শৰৎচন্দ্ৰ গোস্বামীৰ স্মৃতিদিৱস পালনৰ বাবে সহযোগ আগ বঢ়োৱাৰ কথা কয়। সেয়ে গোপ গোপালথানত নতুন শাখাখনৰ উদ্যোগত শৰৎচন্দ্ৰ গোস্বামীৰ স্মৃতিদিৱস পালনৰো সিদ্ধান্ত লোৱা হয়। সভাত আজি জ্ঞানপীঠ বঁটা বিজয়ী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী লেখিকা মামণি ৰয়ছম গোস্বামীৰ স্মৃতিদিৱস উপলক্ষে প্ৰখ্যাত লেখিকাগৰাকীকো স্মৰণ কৰা হয়।
Also Read: ১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...