/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e43cf03e-5ea8-4f06-9457-bdc17480ef6d/AP_FOR_WEB_nalbari.jpg)
অধ্যাপক ৰাজেন্দ্ৰনাথ শৰ্মালৈ 'নলবাৰী ৰত্ন' বঁটা...
ডিজিটেল সংবাদ নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ বেলশৰ অধিবেশনত আজি প্ৰদান কৰা হ'ল জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মানীয় সন্মান 'নলবাৰী ৰত্ন' বঁটা। জিলা সাহিত্য সভাৰ সিদ্ধান্ত অনুসৰি ২০২০-২৩ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ডি. লিট, সংস্কৃত ৰত্ন অধ্যাপক ড০ ৰাজেন্দ্ৰ নাথ শৰ্মাক।
সমান্তৰালকৈ ২০১৮-২০ বৰ্ষৰ 'নলবাৰী ৰত্ন' মৰণোত্তৰভাৱে আগবঢ়োৱা হয় বিশিষ্ট শিক্ষাবিদ, ভাষাতত্ববিদ অধ্যাপক ড০ ৰমেশ পাঠকক । প্ৰয়াত পাঠকৰ কন্যা কুঁৱলী পাঠক আৰু জোঁৱাই বিপুল ডেকাই এই বঁটা গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6039e155-0cfc-4b9a-b5e4-85f83782875d/7887b71c_0e83_48c0_b7f0_2701f3d05492.jpg)
আনহাতে মৰণোত্তৰভাৱে আগবঢ়োৱা সাহিত্য সুহৃদ বঁটা অধ্যাপক, সাহিত্য সংগঠক হৰেন্দ্ৰ নাথ শৰ্মাৰ বাসগৃহত বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে বিদায়ী সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই। বেলশৰ আঞ্চলিক শাখা সাহিত্য সভাৰ আহ্বান মৰ্মে আজি নলবাৰী জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম অধিৱেশনৰ সফল সামৰণি পৰে ৷
বেলশৰ ১নং প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজন কৰা সভাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে নৱনিৰ্বাচিত উপ-সভাপতি লক্ষ্মীকান্ত পাটোৱাৰীয়ে ৷ ছহিদ তৰ্পন আৰু মাল্যাৰ্পণ অনুষ্ঠানত উপস্থিত থাকে সংস্কৃত পণ্ডিত কনক শৰ্মা, ওজাপালি শিল্পী প্ৰতাপ বেজৱৰুৱা, সমাজকৰ্মী জ্যোতিৰ্ময় শৰ্মা আৰু অধ্যাপক ৰাজেন্দ্ৰ নাথ শৰ্মাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2d48389d-3487-4fff-ba79-1bd616704bd4/55aaff71_5446_4871_ab00_e08df939f781.jpg)
দুপৰীয়া ১২ বজাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুস্থিত হোৱা চতুৰ্বিংশতিতম অধিবেশনৰ প্ৰতিনিধি সভা উদ্বোধন কৰে নলবাৰীৰ উপ-পৌৰপতি ড° ৰবিন দাসে ৷ প্ৰতিনিধি সভাৰ মঞ্চত ক্ৰমে প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক ডা° বিপিন চন্দ্ৰ কলিতা , প্ৰাক্তন সভাপতি গোলক পাঠক , উপ-সভাপতি অতুল শৰ্মা উপস্থিত থাকে ৷
পংকজ বেজবৰুৱাই আঁত ধৰা উক্ত প্ৰতিনিধি সভাত সম্পাদকৰ প্ৰতিবেদন পাঠ আৰু হিচাপৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ উপৰিও কেবাটাও প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷ ইয়াৰ পিছত আৰম্ভ হয় বঁটা প্ৰদান অনুষ্ঠান ।
ইয়াত প্ৰেছিডেণ্ট চাৰ্টিফিকেট অৱ অ’নাৰেৰে সন্মানিত সংস্কৃতৰত্ন নলবাৰীৰ সু-সন্তান ড০ ৰাজেন্দ্ৰ নাথ শৰ্মাক 'নলবাৰী ৰত্ন' উপাধিৰে সন্মানিত কৰাৰ লগতে ভাষাবিদ, শিক্ষাবিদ অধ্যাপক ৰমেশ পাঠকক মৰণোত্তৰভাৱে ভাবে 'নলবাৰীৰ ৰত্ন' উপাধিৰে সন্মানিত কৰা হয় ৷ উক্ত সভাতে নৰ্থ ইষ্ট কেঞ্চাৰ ইনচ্টিটিউত এণ্ড ৰিচাৰ্চ চেন্টাৰৰ সঞ্চালক গনেশ তামুলীক পৰম হিতৈষী সুহৃদ ৰূপে সম্বৰ্ধনা জনোৱা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/96818b09-fd14-4606-9bcb-d95a986353f5/1b49016a_07dd_4266_aa2b_71e4ac763ef3.jpg)
বঁটা গ্ৰহণ কৰি পণ্ডিত বাৰিধি ৰাজেন্দ্ৰ নাথ শৰ্মাই কয় - মই ৰত্ন নহয়, ৰত্ন জন্মতে চিৰউজ্জ্বল। মই সৰু পৃথিৱীৰ ক্ষুদ্ৰ প্ৰাণী। তথাপি কও বঁটা প্ৰাপ্তিৰ আনন্দই জীৱন সঞ্জীৱিত কৰে। নতুন প্ৰেৰণা আৰু প্ৰত্যয়ৰ জন্ম দিয়ে।
তেওঁ শব্দ শক্তিৰ ওপৰত জোৰ দি কয় নতুন শব্দ, নতুন অভিধা যুগধৰ্ম। ই ৰূপান্তৰৰ পথেৰে গতি কৰি ভাষা সাহিত্যৰ মেটমৰা সম্ভাৰ সমৃদ্ধিশালী কৰে। আবেলি তিনি বজাত সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুস্থিত মুকলি সভাত নলবাৰী জিলা সাহিত্য সভাৰ 'আকাশ' নামৰ স্মৃতিগ্ৰন্হখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অশ্বিনী বেজৱৰুৱাই ৷
সভাত বিদায় সভাপতি শৰ্মাই নলবাৰী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভানেত্ৰী ড° লীনা ডেকাক কাৰ্যভাৰ দিয়ে ৷দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সভাত নলবাৰী জিলাৰ প্ৰায়ভাগ সক্ৰিয় শাখাই অংশ গ্ৰহণ কৰে।
Also Read: ইমেলইৰ জৰিয়তে কামৰূপ মহানগৰ জিলা প্ৰশাসনক দাখিল কৰিব পাৰিব আৱেদন...