নলবাৰী জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন

সামাজিক দায়ৱদ্ধতা সাংবাদিকৰ মূলধৰ্মঃ ধ্ৰুৱজ্যোতি শৰ্মা

author-image
Asomiya Pratidin
New Update
নলবাৰী জিলা সাংবাদিক সন্থাৰ নতুন  সমিতি গঠন

ডিজিটেল সংবাদ, চামতাঃ “ সাংবাদিক আন সাধাৰণ নাগৰিতকৈ সামাজিকভাৱে বেছি দায়ৱদ্ধ আৰু সংবেদনশীল হ'ব লাগিব। সামাজিক দায়ৱদ্ধতা সাংবাদিকৰ মূলধৰ্ম হোৱা উচিত। তেতিয়াহে তেওঁ নিৰপেক্ষতা আৰু প্ৰকৃত সত্যক পোহৰলৈ আনিব পাৰিব ” ৷ এই মন্তব্য সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা তথা বিশিষ্ট নাট্যকাৰ, সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাৰ। দেওবাৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন কৰাৰ উদ্দেশ্যে চামতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা বিশেষ সাধাৰণ সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি শৰ্মাই আকৌ কয় দানবীয় চৰিত্ৰৰ মানুহৰ দ্বাৰা সংগঠন জীপাল নহয় , মানৱীয় অনুভূতিৰ দ্বাৰাহে ই ঠন ধৰি উঠে। সাংবাদিকতাৰ আদিপাঠ হ'ল সু-সংস্কৃত মানসিকতা আৰু দুৰ্গত জনৰ কাষত থিয় দিয়া।

Advertisment

নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক তথা সাধাৰণ সভাৰ অন্যতম আহ্বায়ক বীৰেণ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত সাধাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আন এগৰাকী আহ্বায়ক বসন্ত দাসে ৷ সভাত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে নলবাৰী জিলাৰ সাংবাদিকতাৰ এক ঐতিহ্য আছে, সাংবাদিকতা গণমুখী হ'ব লাগে ৷ সামাজিক দায়বদ্ধতা স্বাৰ্থত কৰিব লাগে ৷ অন্যায়ৰ বিৰুদ্ধে মাত মতা , জাতীয় জীৱন সুৰক্ষিত ৰখাৰ স্বাৰ্থত সাংবাদিকতা কৰিলে ই স্থায়িত্ব হ'ব ৷ ৰাজনীতি নেতাৰ পদলেহনকাৰী সাংবাদিকতাৰ স্থায়িত্ব নাই বুলি কয় ৷

সভাত নলবাৰীৰ প্ৰবীন সাংবাদিক ৰমনী বৰ্মনে তেওঁ ভাষণত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সাংবাদিকতাই সমাজ সুধৰণি কৰে বুলি কয় ৷ সভাত সুভাষ কাকতি, নগেন তালুকদাৰকে ধৰি বহু কেইগৰাকী সাংবাদিক সাংগঠনিক দিশৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ সভাত “আজু”ৰ উপ সভাপতিতৰুণ ডেকা, সহকাৰী সম্পাদক মিন্টু হেমৰম, সাংগঠনিক সম্পাদক ৰঞ্জিত শইকীয়া, প্ৰদীপ বৈশ্য, নিত্যানন্দ বৰুৱা, শোনিতপুৰ জিলা সম্পাদক ৰাজীৱ কলিতা, তেজপুৰৰ বিশ্বজিৎ কলিতা, লক্ষীমপুৰৰ অভিজিত বৰা, আৰু গোপাল বৰা, আজুৰ সম্পাদক নকুল তালুকদাৰ উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

আজিৰ সভাতে নলবাৰী জিলা সাংবাদিক সন্থাৰ ২০২৪-২৬ বৰ্ষৰ বাবে ধ্ৰুৱজ্যোতি শৰ্মা আৰু ৰমণী বৰ্মণক মুখ্য উপদেষ্টা নগেন তালুকদাৰ আৰু সুভাষ ডেকাক উপদেষ্টা বীৰেন কলিতাক সভাপতি ৰাজেন বৈশ্যক কাৰ্যকৰী সভাপতি ৰমেন তালুকদাৰ ,কমল কুমাৰ ডেকা, দণ্ডিৰাম দাস, আৰু উদ্ধৱ ঠাকুৰীয়াক উপ সভাপতি বসন্ত দাসক সাধাৰণ সম্পাদক, নলিনী কুমাৰ ডেকা, অতুল কুমাৰ দাস, আব্দুল কাদেৰ আহমেদ, দিলীপ বৰ্মণক সহকাৰী সম্পাদক গুনজিৎ কলিতাক মুখ্য সাংগঠনিক সম্পাদক,নিৰেন কুমাৰ ডেকা,তপন দাস, শ্বেখ আমিনুল, সঞ্জয় তালুকদাৰ, মিৰাজুল কাজি সাংগঠনিক সম্পাদক আৰিফুল হক আৰু দ্বিজেন ডেকাক তথ্য আৰু প্ৰচাৰ সম্পাদক তপন শৰ্মাক পত্ৰিকা সম্পাদক অনিমেষ বৰ্মণক বিত্ত সম্পাদক গৌতম বেজবৰুৱা আৰু কৃষ্ণ বৈশ্যক কাৰ্যালয় সম্পাদক ফটিক বৰ্মণ, ৰবেন পাটোৱাৰী, সুৰজিৎ পাঠক, আমজাদ হুছেইন, আজাদ আলি,শংকৰ দাস,ভবেশ কুমাৰ দাস, গনেশ নমো:শূদ্ৰক কার্যকৰী সদস্য হিচাপে লৈ নতুন জিলা সমিতিখন গঠন কৰা হয়।

উল্লেখ্য যে যোৱা ৩০-৩১ ডিচেম্বৰত সৰ্থেবাৰীত হোৱা আজুৰ অধিৱেশনত নলবাৰীৰ একাংশ সাংবাদিকে অভব্য আচৰণ কৰাৰ কৰিপ্ৰেক্ষিত আজুৰ নতুন সমিতিৰ কাৰ্যভাৰ লোবা ন-পুৰণি সমিতিৰ তেজপুৰত হোৱা প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতিক নিলম্বন কৰি জিলা সমিতি খন ভংগ কৰি দিয়া হৈছিল ৷ সেইদিনাাৰ সভাই নলবাৰীৰ পাঁচ গৰাকী সাংবাদিকক জিলাৰ নতুন সমিতি গঠনৰ বাবে সাধাৰণ সভা আহ্বান কৰাৰ দায়িত্ব দি আহ্বায়ক মণ্ডলি গঠন কৰি দিছিল ৷ সেই পৰিপ্ৰেক্ষিততি আজিৰ সাধাৰণ সভাত নলবাৰী জিলা সমিতিখন নতুনকৈ গঠন কৰা হৈছে ৷

Also Read: ইণ্ডিয়ান নেশ্যনেল লোকদলৰ অধ্য়ক্ষ নফে সিং ৰাথীক গুলীয়াই হত্যা...

journalist nalbari