দৌলাশালত বাৰ্ষিক নাগাৰা নাম উৎসৱ সম্পন্ন

দৌলাশালত বাৰ্ষিক নাগাৰা নাম উৎসৱ সম্পন্ন

author-image
Asomiya Pratidin
New Update
দৌলাশালত বাৰ্ষিক নাগাৰা নাম উৎসৱ সম্পন্ন

ডিজিটেল সংবাদ, দৌলাশাল: ভক্তি ধৰ্মৰ মূল আধাৰ হৈছে শ্ৰৱণ-কীৰ্তন । ভগৱানক শ্ৰৱণ কীৰ্তনৰ যোগেদিহে লাভ কৰিব পাৰি। অসমৰ জাতীয় জীৱনৰ কাণ্ডাৰী জগতগুৰু শ্রীমন্ত শঙ্কৰদেৱৰ মাৰ্গদৰ্শনে বৈষ্ণৱ ধৰ্মক সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ নিয়াৰ বাবে যি সমূহ মাধ্যমৰ সহায় লৈছে তাৰেই অন্যতম নামধৰ্ম ৷ সেই কাৰণে নামধৰ্মক আমি জনগণতান্ত্ৰিক ধৰ্ম বুলি ক'ব পাৰো। সনাতন ধৰ্মৰ সাধাৰণ মানুহে এই নামধৰ্মৰ মাজতেই ভগৱানক বিচাৰি পায়। নলবাৰী জিলাৰ দৌলাশালত নাগাৰা নাম উদ্বোধন কৰি শনিবাৰে এই মন্তব্য কৰে বিৰিণা গোষ্ঠী অসমৰ কেন্দ্ৰীয় সভাপতি তথা লেখক লীলাধৰ পাঠকে।

Advertisment

নলবাৰী জিলাৰ দৌলাশালত ৰাইজৰ মংগলৰ অৰ্থে শ্ৰী শ্ৰী মা কালীক আৰাধনা কৰি প্ৰতিবছৰৰ দৰে এইবেলিও অনুষ্ঠিত হয় বাৰ্ষিক নাগাৰা নাম উৎসৱ । দৌলাশাল শ্ৰী শ্ৰী মা কালী মন্দিৰ নাগাৰা নাম উদযাপন সমিতিৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ত্ৰিবিংশতিতম বাৰ্ষিক নাগৰা নাম উৎসৱ অনুষ্ঠিত হয় । দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা নাগাৰানাম উৎসৱৰ মুখ্যদ্বাৰ মুকলি কৰে ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে। বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ মোহন ৰয়ে। তাৰ পিছতে আৰম্ভ হয় বিভিন্ন মাংগলিক অনুষ্ঠান।

পুৱা ১০ বজাত ভাগৱত পাঠ কৰাৰ পিছত সমূহীয়া ভোৰতাল নাম পৰিৱেশন আৰু বিয়লি স্থানীয় শিল্পীৰ দ্বাৰা সংকীৰ্ত্তন পৰিৱেশন কৰা হয় । সন্ধিয়া স্থানীয় হৰগৌৰী থিয় নাম দলে থিয়নাম পৰিৱেশন কৰে । নিশা ৰাজ্যখনৰ ২টাকৈ আগশাৰীৰ নাগাৰা নাম দলে অঞ্চলটোৰ ২ সহস্ৰাধিক ধৰ্মপ্ৰাণ লোকৰ উপস্থিতিত নাম পৰিৱেশন কৰে। পুৱতি নিশালৈকে নলবাৰীৰ চেংনৈৰ  পাঠক পাৰ্থপ্ৰতিম দাস আৰু ৰঙিয়া বালিসত্ৰৰ বিনয় ৰাজকুমাৰে নাম পৰিৱেশন কৰি ৰাইজক মুগ্ধ কৰে । ২ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থকা অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট লোকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সম্পাদক নিকুঞ্জ নাথে

Also Read: খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ

nalbari