
ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ মুকালমুৱাত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ হাজো-দৌলাশাল পথৰ মুকালমুৱাৰ বৰুৱাপুটাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় একেখন গাঁৱৰ দুগৰাকী মহিলা ৷
প্ৰাপ্ত তথ্য অনুসৰি প্ৰতিদিনাৰ দৰে আজিও পুৱা (৫.৪০ বজা) মহিলা দুগৰাকীয়ে কৰ্মস্থলীলৈ ওলাই গৈছিল । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰুৱাপুটা গাঁৱৰ মহিলা দুগৰাকীয়ে আন কেইবাগৰাকীও মহিলাৰ স'তে হাজো-দৌলাশাল পথৰ বৰুৱাপুটাত এখন যাত্ৰী কঢ়িওৱা টেম্পো গাড়ীত উঠি কৰ্মস্থলীলৈ যাবলৈ ৰৈ থকা অৱস্থাতে টেম্পোখনক পিছপিনৰ পৰা অহা তীব্ৰবেগী ডি.আই বাহন এখনে মহতিয়াই নিয়ে ৷
অচিনাক্ত ডি.আই বাহনখনে টেম্পোখনত প্ৰচণ্ডজোৰে খুন্দা মাৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ তীব্ৰ বেগী ডি.আই বাহনখনৰ প্ৰচণ্ড খুন্দাত টেম্পোখনত থকা দুগৰাকী যাত্ৰীয়ে ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় ৷ অন্যহাতে টেম্পোখনত থকা আন চাৰিগৰাকীকৈ মহিলাও গুৰুৰতৰভাৱে আহত হয় ৷
জানিব পৰা অনুসৰি মুকালমুৱাৰ বৰুৱাপুটা, সাপকাটা, চান্দা, টেঘেৰিয়াট্টাৰী গাঁৱকে ধৰি অঞ্চলটোৰ একাংশ মহিলাই আমিনগাঁওস্থিত এটা উদ্যোগত প্ৰতিদিনাই পুৱা কাম কৰিবলৈ যায় ৷
দুয়োগৰাকী মহিলাৰ কৰুণ মৃত্যুৰ খবৰে অঞ্চলবাসীক ম্ৰিয়মাণ কৰি তুলিছে ৷ একেখন গাঁৱৰ মৃত মহিলা দুগৰাকী ক্ৰমে মলয়া কাকতি (৪০) আৰু ৰিংকু বৰ্মন (৩৯) বুলি জানিব পৰা গৈছে ৷ মৃত মলয়া কাকতিয়ে স্বামীসহ দুগৰাকী কন্যা সন্তান আৰু ৰিংকু বৰ্মনে স্বামীসহ একমাত্ৰ পুত্ৰ সন্তানক এৰি অকাল মৃত্যুক সাৱটি লয় ৷
আনহাতে দুৰ্ঘটনাটোত আহত কেওগৰাকী মহিলাকে মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ আহত মহিলা কেইগৰাকী ক্ৰমে চান্দা গাঁৱৰ ৰূপালী পাঠক (৩৫), টেঘেৰিয়াট্টাৰী গাঁৱৰ জোনালী মেধি (৩০), নাৰায়নপুৰ গাঁৱৰ ঠুনু তালুকদাৰ (৩২) আৰু লাউপাৰা গাঁৱৰ কবিতা পাল দাস (২৭) বুলি জানিব পৰা গৈছে ৷