পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ মুকালমুৱাৰ লচিমা গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত লচিমা গাঁৱৰ এগৰাকী বোৱাৰী আৰু বোৱাৰীগৰাকীৰ কণমানি কন্যা সন্তানৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

গাঁওখনৰ আইনুল আলী নামৰ লোকজনৰ পত্নী আৰু কন্যাৰ মৃতদেহ বুধবাৰে চুবুৰীয়া পৰিয়াল এটিৰ ঘৰৰ পিছফালৰ পুখুৰীত উদ্ধাৰ হয় ৷ পুখুৰীত অতি ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱাত লচিমা গাঁৱত চাঞ্চল্যই বিৰাজ কৰাৰ সমান্তৰালভাৱে মহিলাগৰাকীৰ ৩ কিলমিটাৰ দুৰত্বত থকা মাতৃগৃহৰ পৰিয়ালত উত্তেজনাৰ সৃষ্টি হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি মঙ্গলবাৰে সন্ধিয়াৰ ভাগত এটা ৰহস্যজনক মোৱাইল ফোনক কেন্দ্ৰ কৰি আইনুল আলীয়ে পত্নীৰ সৈতে পাৰিবাৰিক সংঘাতত লিপ্ত হয় ৷ তাৰ পিছৰে পৰা পত্নী ৰুণজুনি বেগমসহ ৪ বছৰীয়া কনমানি সন্তানটি সন্ধানহীন হয় ৷

জানিব পৰা অনুসৰি পৰিয়ালৰ লোকে নিশা পৰ্য্যন্ত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াব নোৱাৰাত মাতৃগৃহৰ পৰিয়ালক অৱগত কৰে আৰু নিশাই মহিলাগৰাকীৰ পিতৃয়ে আইনুল আলীৰ গৃহত উপস্থিত হয় ৷ বুধবাৰে কাহিলীপুৱাতে মাতৃ আৰু কণমানি কন্যাৰ মৃতদেহ চুবুৰীয়া পৰিয়াল এটিৰ গৃহৰ পিছফালৰ পুখুৰীত উদ্ধাৰ হোৱাত গাঁওখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ চুবুৰীয়া লোক এগৰাকীয়ে মাতৃ-কন্যাৰ মৃতদেহ পুখুৰীত ওপঙি থকা প্ৰত্যক্ষ কৰি পুখুৰীটোৰ পৰা মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ কৰে৷

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বুধবাৰে পুৱাতে গাঁওখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় আৰু গাঁওখনৰ সৰহ সংখ্যক লোকে আইনুল আলীৰ গৃহত ভিৰ কৰে৷ বোৱাৰীগৰাকীৰ মাতৃগৃহৰ পৰিয়ালৰ লোকেও এই ঘটনাৰ খবৰ পাই আত্মীয় স্বজনসহ আহি আইনুল আলীৰ গৃহত উতপ্ত পৰিৱেশৰ সৃষ্টি কৰে৷

ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰক্ষেত্ৰীৰ কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ ৰয় উপস্থিত হয় আৰু ঘটনাৰ বুজ লৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে৷ বোৱাৰীগৰাকীৰ স্বামীগৃহৰ পৰিয়ালে এই ঘটনাক আত্মহত্যা বুলি কয় যদিও বোৱাৰীগৰাকীৰ মাতৃগৃহৰ পৰিয়ালে এই ঘটনাক কোনোপধ্যেই সহজভাৱে মানি লোৱা নাই আৰু ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে৷

অৱশ্যে আৰক্ষীৰ নিৰপেক্ষ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনৰ পিছতহে পোহৰলৈ আহিব এয়া প্ৰকৃততে হত্যা নে আত্মহত্যা ৷ মুকালমুৱা থানাৰ অন্তৰ্গত মুগদি সোণাপুৰস্থিত মহিলাগৰাকীৰ পিতৃগৃহৰ পৰিয়ালে দৌলাশাল আৰক্ষী চকীত জোঁৱাই আইনুল আলী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে বৃহস্পতিবাৰে আইনুল আলীক গ্ৰেপ্তাৰ কৰি নলবাৰীৰ আদালতত হাজিৰ কৰাই অভিযুক্ত আইনুলক আৰক্ষীয়ে ২দিনৰ বাবে জিম্মাত লৈ ঘটনা সন্দৰ্ভত মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে, আইনুল আলীৰ ভাতৃ সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ ৫ বছৰ পূৰ্বে লচিমা গাঁৱৰ আইনুল আলীয়ে সোণাপুৰ গাঁৱৰ ৰুণজুনি বেগমৰ স'তে প্ৰেমবিবাহ সম্পন্ন কৰিছিল ৷

Also Read: মুকালমুৱাত বিদ্যুৎপৃষ্ট হৈ মহিলাৰ মৃত্যু

assampolice