মদাহী দৰাৰ কাণ্ডত স্তম্ভিত ৰাইজ ! হোমৰ কাষলৈকে নাহিল কইনা...

মদাহী দৰাৰ কাণ্ডত স্তম্ভিত ৰাইজ ! হোমৰ কাষলৈকে নাহিল কইনা...

author-image
Asomiya Pratidin
New Update
মদাহী দৰাৰ কাণ্ডত স্তম্ভিত ৰাইজ ! হোমৰ কাষলৈকে নাহিল কইনা...

মদাহী দৰাৰ কাণ্ডত স্তম্ভিত ৰাইজ ! হোমৰ কাষলৈকে নাহিল কইনা...

ডিজিটেল ডেস্কঃ মদাহী দৰাৰ বিলৈ। বিয়া কৰিবলৈ কগৈ হোমৰ জুইৰ কাষতে বাগৰি পৰিল দৰা। দৰাৰ বিলৈ দেখি ঘৰৰ ভিতৰৰ পৰা ওলাই নাহিল কইনা। এই ঘটনা সংঘটিত হৈছে নলবাৰীৰ বৰখানাজানাত।

Advertisment

উল্লেখ্য যে, বৃহস্পতিবাৰে আছিল এই বিশেষ বিয়াখন। সকলো ঠিকেই আছিল। নিশা যেতিয়া দৰা কইনা ঘৰত আহি উপস্থিত হয় তাৰ পিছতেই ঘটে সেই বিশেষ ঘটনা। হোমৰ জুইৰ কাষত বহি থকা দৰা ৰৈ থাকিব নোৱাৰিলে। সুৰাৰ ৰাগীত মাতাল হৈ বাগৰি পৰিল ৰভা তলিতে।

হ'বলগীয়া স্বামীৰ এই অৱস্থা দেখি কইনাই লৈ পেলালে চূড়ান্ত সিদ্ধান্ত। মদাহী দৰাৰ লগত নহয় বিয়া। সেয়ে ওলাই নাহিল ভিতৰৰ পৰা। কইনাৰ স্পষ্ট কথা মদাহী দৰাৰ সৈতে সংসাৰ কৰিব নোৱাৰি।

উপায়ন্তৰ হৈ বিয়াঘৰতেই বহিল ৰাইজমেল। ৰাইজমেলত উপস্থিত থাকিল স্থানীয় গাওঁপ্ৰধান আৰু জ্যেষ্ঠ নাগৰিককে ধৰি গাঁৱৰ বহু লোক। এই ৰাইজ মেলতে সিদ্ধান্ত লোৱা হ'ল বিবাহ বাতিলৰ।

ফলত কইনা নিবলৈ আহি মদাহী দৰাৰ সৈতে লাজে, অপমানে ঘূৰি যাবলৈ বাধ্য হ'ল দৰাঘৰীয়া। ইফালে কইনাঘৰীয়াৰ অভিযোগ, কেৱল দৰাই নহয়, দৰাৰ লগতে তেওঁৰ দেউতাক আৰু পৰিয়ালৰ অন্যান্য বহু সদস্য, দৰা পক্ষৰ বহুতেই মদ্যপান কৰি আহিছিল কইনা ঘৰলৈ।

সমগ্ৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে কইনাঘৰক বিব্ৰত কৰি তুলিছে। কইনাৰ পিতৃয়ে এই ঘটনাক ল'ব পৰা নাই সহজ ভাৱে। ফলত অসুস্থ হৈ পৰিছে কইনাৰ পিতৃ। সমগ্ৰ ঘটনা সন্দৰ্ভত কইনাপক্ষই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

মদাহী দৰা