লেখিকা মনোৰমা দেৱীৰ পৰিয়ালৰ কাষত 'সাদিন প্ৰতিদিন গোষ্ঠী'...

লেখিকা মনোৰমা দেৱীৰ পৰিয়ালৰ কাষত সাদিন প্ৰতিদিন গোষ্ঠী...
লেখিকা মনোৰমা দেৱীৰ পৰিয়ালৰ কাষত সাদিন প্ৰতিদিন গোষ্ঠী...

ডিজিটেল সংবাদ নলবাৰীঃ বিশিষ্ট লেখিকা, ধৰ্মপ্ৰাণা নাৰী নলবাৰীৰ মনোৰমা দেৱীৰ পৰিয়ালক আজি সাদিন- প্ৰতিদিনৰ পৰিয়ালৰ হৈ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই সমবেদনা জ্ঞাপন কৰে আৰু পুণ্যাত্মাৰ প্ৰতিকৃতিত শ্ৰদ্ধা নিবেদন কৰে।

তেওঁ আজি দুপৰীয়া সপত্নীক লেখিকা গৰাকীৰ পুত্ৰ সাংবাদিক, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, স্বামী জিতেন্দ্ৰ নাথ শৰ্মা, বোৱাৰী তুলিকা গোস্বামী শৰ্মা সহিতে আটাইকে সহমৰ্মিতা প্ৰকাশ কৰি কয়, এই হৃদয় বিদীৰ্ণ বতৰাই আমাক সকলোকে ব্যথিত কৰিছে।

প্ৰয়াত মনোৰমা দেৱীৰ একমাত্ৰ পুত্ৰ ধ্ৰুৱজ্যোতি শৰ্মা প্ৰতিদিন পৰিয়ালৰ নিভাঁজ বন্ধু সেয়ে সম্পাদক জয়ন্ত বৰুৱায়ো দুখ প্ৰকাশ কৰাৰ কথা প্ৰসংগত মহন্তই উল্লেখ কৰে। ইফালে আজি ষষ্ঠ দিনাও পৰিয়ালক মাত এষাৰ লগাবলৈ সাংবাদিক, সাহিত্যিক, ৰাজনৈতিক নেতা, আলফা নেতা, ছাত্ৰ নেতা,ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় নাট্যকাৰ, প্ৰযোজক, সাংস্কৃতিক কৰ্মীৰ ঢল বয় প্ৰয়াত মনোৰমা দেৱীৰ বাসগৃহলৈ।

অসম সৌৰভ বঁটাৰে সন্মানিত ভ্ৰাম্যমাণ থিয়েটাৰৰ গৌৰৱময় অধ্যায়ৰ নায়ক কৃষ্ণ ৰয় উপস্থিত হৈ কয়, গুণী মাতৃৰ গুণী সন্তান আমাৰ ধ্ৰুৱজ্যোতি। তাৰ দৰে সুবক্তা তথা সুলেখক অনস্বীকাৰ্য। তেওঁ মনোৰমা দেৱীৰ গৰ্ভক ৰত্নগৰ্ভা বুলিও কয়।

বিশিষ্ট নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্যই প্ৰেক্ষাপটত নাৰীৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থকাৰ মিঠা স্মৃতিৰ কথা সুঁৱৰি কয় - মনোৰমা দেৱীৰ সৰল , প্ৰাঞ্জল বৰ্ণনাত সাহিত্যৰ মাধুৰ্য বিচাৰি পোৱা যায়। ইতিহাস থিয়েটাৰৰ মুখ্য প্ৰযোজক সুভাষ দাস, প্ৰযোজক অখিল কলিতা আৰু লুইতপৰীয়া থিয়েটাৰৰ প্ৰযোজক ডাঃ সানসৌৰাং বসুমতাৰীয়েও প্ৰয়াত লেখিকা গৰাকীৰ প্ৰতিকৃতিত শ্ৰদ্ধা জনায়।

অদ্যাপি শ্ৰদ্ধা নিবেদন কৰা বিশিষ্ট ব্যক্তি সকলৰ ভিতৰত ডাঃ অনীল তালুকদাৰ, ডাঃ প্ৰনৱ মল্ল বৰুৱা, বিজেপিৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জিলা পৰিষদৰ সভাপতি নীতুল ডেকা , মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সহধৰ্মিনী সমাজসেৱী জুলী ডেকা বৰুৱা, পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ, ডাঃ প্ৰনৱ মল্ল বৰুৱা, ডাঃ কামেশ্বৰ লহকৰ, ডাঃ প্ৰনৱ শৰ্মা, ডাঃ ভুৱনেশ্বৰ দত্ত, বিশিষ্ট লেখক ডাঃ শুভ্ৰকিংকৰ গোস্বামী, ঔপন্যাসিক পংকজ গোবিন্দ মেধি, কবি ডঃ বিনয় মজুমদাৰ, নৱজ্যোতি পাঠক, অজিত ৰাজবংশী, পুথি প্ৰকাশক সুৰেন্দ্ৰনাথ বৈশ্য, আলফা নেতা শশধৰ চৌধুৰী, ৰাজু বৰুৱা , ডাঃ ধ্ৰুৱজ্যোতি শৰ্মা, ডাঃ ৰাজু শৰ্মা, ডাঃ বন্দনা ডেকা , ডঃ তৰুণ শৰ্মা, কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞা, ৰাতুল পাটোৱাৰী, দিব্যজ্যোতি হালৈ,নাট্য সন্মিলনৰ কোষাধ্যক্ষ জয়ন্ত হাজৰিকা, ডঃ সঞ্জীৱ গোস্বামী, ডঃ সুশান্ত কুমাৰ কাশ্যপ, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, নৱনিৰ্বাচিত সম্পাদক ডঃ উপেন্দ্ৰজিত শৰ্মা, গোবিন্দ কলিতা, ডাঃ বিপিন কলিতা, জনসংযোগ বিষয়া চুম্পী চুতীয়া, ডঃ ৰবীন দাস, প্ৰনীতা ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী নৃপেন দাস, নলবাৰী হৰিমন্দিৰৰ মদন মালাকৰ , নৰেশ্বৰ কলিতা, সুকুমাৰ শৰ্মা , পংকজ বৰ্মন, দিলজিত বৰ্মন , সাংবাদিক মহিবৰ ৰহমান, মানিক ডেকা, কমলেশ শৰ্মা, শ্বাহ আলম আহমেদ, অৰূপ ৰঞ্জন বৰ্মন, চম্পক বৈশ্য, শশাঙ্ক শৰ্মা, পংকজ বেজবৰুৱা, মজিবৰ ৰহমান, হিৰণ্য ভট্টাচাৰ্য প্ৰমুখ্যে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ গুণজ্যোতি পাঠক, অক্ষয় ডেকা, ভৱজিত বেজবৰুৱা, ৰিয়াজ আহমেদ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, নলবাৰীৰ নিৰোদ দাস, যোগেশ কলিতা , মনোৰম কলিতা আদি নেতৃবৰ্গ ।

লেখিকা মনোৰমা দেৱীৰ পৰিয়ালৰ কাষত সাদিন প্ৰতিদিন গোষ্ঠী...
"কইনাকন্দা শিল” ৰ দৃশ্যগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in