/asomiyapratidin/media/media_files/2024/12/16/eVS0w210YYyB76UlZjRt.jpg)
ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাৰ টিহু অঞ্চলৰ প্ৰাথমিক শিক্ষাৰ আগশাৰীৰ অনুষ্ঠান পশ্চিম নান্নাট্টাৰীত অৱস্থিত ১১৩০ নম্বৰ খানা প্ৰাথমিক বিদ্যালয়ৰ দুদিনীয়াকৈ আয়োজিত মহাৰজত জয়ন্তী দেওবাৰে নিশা সফল সামৰণি পৰে। এই উপলক্ষে দেওবাৰে পুৱা বিদ্যালয়খনৰ শিক্ষাৰ্থী, শিক্ষয়িত্ৰী, অভিভাৱক, আৰু স্থানীয় লোকে অংশ লোৱা সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই।
ইয়াৰ পাছতে জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি সূৰ্য কুমাৰ ডেকাৰ পৌৰোহিত্যত হোৱা মুকলি সভা উদ্বোধন কৰে টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ বীণাপাণি পাঠকে। সভাত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সুৰেশ চন্দ্ৰ শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লয়।
সন্ধিয়া গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ৰাকেশ মজুমদাৰে উদ্বোধন কৰা মুকলি প্ৰশ্ন মঞ্চত মুখ্য পৰিচালক হিচাপে ভাগ লয় বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীদ্বয় ক্ৰমে অঞ্জন মিশ্ৰ আৰু ধৃতিৰাজ মিশ্ৰই। ইয়াৰ পাছতে নিমন্ত্ৰিত শিল্পীৰদ্বাৰা ৰূপায়ণ হোৱা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ভূপেন হাজৰিকাৰ গীত পৰিৱেশনেৰে প্ৰখ্যাত হোৱা বিশিষ্ট সংগীতশিল্পী জিতেন শৰ্মাই।
আকৌ জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ১৪ ডিচেম্বৰৰ পুৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জুনু গোস্বামীয়ে বিদ্যালয়ৰ পতাকা আৰু মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি সূৰ্য কুমাৰ ডেকাই। প্ৰাতঃকালৰ এই কাৰ্যসূচীৰ পাছত দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দিবাকৰ শৰ্মা, পশ্চিম নান্নাট্টাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি দশৰথ মজুমদাৰ, বাক্সা জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি ভৱেন্দ্ৰনাথ কলিতা, কদমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন মজুমদাৰ, সমাজকৰ্মী নৰেন্দ্ৰনাথ শৰ্মা, হৰেন্দ্ৰনাথ মজুমদাৰ, লক্ষী মজুমদাৰ প্ৰমুখ্যে বিশিষ্ট লোকসকলে ছহিদ বেদী, বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ বিশিষ্ট ব্যক্তি আৰু বিদ্যালয়খনৰ প্ৰয়াত শিক্ষকসকলৰ স্মৃতিত বন্তি প্ৰজ্জ্বলন, মাল্যাৰ্পণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে।
গছপুলি ৰোপণ, প্ৰাক্তন শিক্ষাৰ্থীৰ নাম পঞ্জীয়নৰ পাছতে বিদ্যালয়খনৰ ন-পুৰণি শিক্ষাৰ্থী, অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰীৰ মহামিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক তাহিণী মজুমদাৰে। অনুষ্ঠানত আলোচক হিচাপে ভাগ লয় ক্ৰমে প্ৰাক্তন শিক্ষাৰ্থী-অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অনিৰুদ্ধ ডেকা, প্ৰাক্তন শিক্ষাৰ্থী-গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা পৰিষদৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অধীক্ষক বসন্ত কলিতা, প্ৰাক্তন শিক্ষাৰ্থী-গ্ৰামীন বিকাশ বেংকৰ শাখা পৰিচালক হিমাংশু ডেকা, শিক্ষয়িত্ৰী হিমজ্যোতি ডেকা আৰু প্ৰাক্তন শিক্ষাৰ্থী-বায়ুসেনা বিভাগৰ কৰ্মচাৰী ভাস্কৰ মজুমদাৰে।
ইয়াৰ পাছতে ভৱেন্দ্ৰনাথ কলিতাৰ সম্পাদনাৰে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সুৰেশ চন্দ্ৰ শৰ্মাই। সন্ধিয়া স্থানীয় বহুকেইগৰাকী জ্যেষ্ঠ নাগৰিকৰদ্বাৰা মহাৰজত জয়ন্তী উপলক্ষে ৭৬ গছি বন্তি জ্বলোৱা হয়।
এই অনুষ্ঠানৰ পাছত বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীৰদ্বাৰা হোৱা বাৰেবৰণীয়া বিচিত্ৰানুষ্ঠান উদ্বোধন কৰে টিহু নগৰৰ ৱাৰ্ড সদস্যা জিন্তী বেজবৰুৱাই। এই অনুষ্ঠান সঞ্চালনা কৰে নীলিমা ৰয় মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিনোদ চক্ৰৱৰ্তী আৰু বৰপুখুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক জয়ন্ত ঠাকুৰীয়াই।