আধুনিক ছপাশালৰ বাটকটীয়া, সমাজ নিৰ্মাতা যোগেশ শৰ্মাৰ স্মৃতিচাৰণ সভা...

'জীৱনৰ মহৎ লক্ষ্য হৈছে সত্যানুসন্ধান। সেয়া নিৰ্মাণ হয় গুৰুগৃহত বা বিদ্যালয়ত আৰু তাৰ বীজ গজালি মেলে মাতৃগৰ্ভত' - ধ্ৰুৱজ্যোতি শৰ্মা

author-image
Asomiya Pratidin
New Update
আধুনিক ছপাশালৰ বাটকটীয়া, সমাজ নিৰ্মাতা যোগেশ শৰ্মাৰ স্মৃতিচাৰণ সভা...

ডিজিটেল সংবাদ, নলবাৰী : 'জীৱনৰ মহৎ লক্ষ্য হৈছে সত্যানুসন্ধান। সেয়া নিৰ্মাণ হয় গুৰুগৃহত বা বিদ্যালয়ত আৰু তাৰ বীজ গজালি মেলে মাতৃগৰ্ভত' - এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মাৰ। শুকুৰবাৰে লবাৰীৰ বালিকুছি মজলীয়া বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত বিদ্যালয় খনৰ পিতামহ স্বৰূপ, বিশিষ্ট সমাজ হিতৈষী, আধুুুুনিক ছপাশালৰ বাটকটীয়া স্বৰূপ যোগেশ শৰ্মাৰ স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি সুবক্তা শৰ্মাই প্ৰয়াত যোগেশ শৰ্মাৰ স্মৃতিচাৰণ কৰি কয় যে, মানৱ পৰ্যায়ৰ পৰা মানৱাতীত পথলৈ উৰ্দ্ধমুখীজন ক্ষণজন্মা পুৰুষ ।

Advertisment

ক্ষণজন্মা ব্যক্তি সমাজৰ ধৰণী স্বৰূপ। তেওঁলোকে স্বকীয় প্ৰতিভাৰে অনুষ্ঠান একোটা গঢ় দি বিশাল বিস্তৃতিৰে উত্তৰণ কৰিব পাৰে। উত্তৰ প্ৰজন্মই তেনে প্ৰতিভাশালী, কৰ্মযোগী জনক পিতামহ বুলি স্বীকৃতি দিয়ে। এই উপলক্ষে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাংবাদিক তথা অসম ভেলী একাডেমী, নলবাৰীৰ প্ৰৱক্তা শশাংক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক অচ্যুৎ শৰ্মাই। শিক্ষক সঞ্জীৱ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই প্ৰয়াত যোগেশ শৰ্মাৰ স্মৃতিচাৰণ কৰি শিক্ষাৰ্থী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

ঈগল চৰাইয়ে যেনেদৰে অশেষ কষ্ট কৰি প্ৰায় বাৰ কিলোমিটাৰ ওপৰত আকাশত উৰি উৰি নিজৰ সন্তানকো বোকোচাত বান্ধি লৈ ফুৰে সেইদৰে ছাত্ৰ-ছাত্ৰী সকলকো তেনেদৰে কষ্ট কৰি জীৱন গঢ়াৰ ব্ৰতত ব্ৰতী হ'বলৈ আহ্বান জনায়। প্ৰয়াত যোগেশ শৰ্মাই নিজৰ লগতে আনকো একেদৰে সমানে আগুৱাই লৈ গৈছিল বুলি মন্তব্য কৰে।লগতে বিদ্যালয় খনে গুনোৎসৱৰ ফলাফলত এ+ গ্ৰেড লাভ কৰা বিষয়টোত আনন্দ প্ৰকাশ কৰি বিদ্যালয় পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে।

আনহাতে সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অসম ভেলী একাডেমী, নলবাৰীৰ অধ্যক্ষ, লেখক অনুপম বৰ্মা মজুমদাৰে প্ৰয়াত যোগেশ শৰ্মাৰ সান্নিধ্যৰ সোঁৱৰণ কৰি স্মৃতিচাৰণ কৰে। মজুমদাৰে কয় যে, যোগেশ শৰ্মা খুব উদাৰ মনৰ মানুহ আছিল। যাৰ বাবে তেওঁ সমাজৰ হিতৰ বাবে কাম কৰিব পাৰিছিল। বালিকুছি মজলীয়া বিদ্যালয়ক শৰ্মাই নিজৰ ঘৰ হিচাবে মানি লৈ নিজৰ সপোনবোৰ বিদ্যালয়খনৰ জৰিয়তে সাকাৰ কৰিবলৈ চেষ্টা কৰিছিল বুলিও তেওঁ প্ৰকাশ কৰে।

সভাত বিদ্যালয় খনৰ শিক্ষক বাসৱ কলিতা, অৱসৰী প্ৰধান শিক্ষক উমেশ তালুকদাৰ, সতীশ মজুমদাৰ, অৱসৰী শিক্ষক প্ৰফুল্ল দাস, বালিকুছি মজলীয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিতেশ কলিতা আদিয়ে যোগেশ শৰ্মাৰ সান্নিধ্যৰ সোঁৱৰণ কৰি স্মৃতিচাৰণ কৰে। ইপিনে সভাৰ আৰম্ভনিতে প্ৰয়াত যোগেশ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কন্যা তুলিকা ভাৰ্গৱ আৰু পৰিয়াল বৰ্গই।

মাল্যাৰ্পণ কৰে ভতিজা ভৰদ্বাজ ভাৰ্গৱে। উপস্থিত ৰাইজে প্ৰতিচ্ছবিৰ সন্মুখত পুস্পাঞ্জলী প্ৰদান কৰে। সভাত বিদ্যালয় খনৰ প্ৰধান শিক্ষক শৈলেন কুমাৰ দাস, শিক্ষক অজিত শৰ্মা, নিপু কুমাৰ দাস, জগদীশ ডেকা, বিনয় কলিতাকে আদি কৰি শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা, ৰাইজ উপস্থিত থাকে।

Also Read: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...

social worker