নলবাৰীত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন

নলবাৰীত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন

ডিজিটেল সংবাদ,নলবাৰী : "১৯৪৮চনত ঘোষিত মানৱ অধিকাৰ বিষয়ত বিভিন্ন পৰ্যায়ত আলোচনাৰ পিছত ১৯৮৪চনৰ ১০ ডিচেম্বৰত সিদ্ধান্ত মৰ্মে মানৱ অধিকাৰ দিৱস গ্ৰহণ কৰা হয়। মানৱ সমাজৰ সূচল জীৱন যাপনৰ লক্ষ্য লৈ শোষণ ,বঞ্চনা,দুখ, বেদনাবিহীন একোখন কল্যাণকামী সমাজ গঢ়নৰ বাবে মানৱ অধিকাৰ দিৱস পালন কৰা হয়।

এনে ক্ষেত্ৰত মানুহে সমাজ জীৱনত প্ৰাপ্য অধিকাৰ লাভ কৰাত চৰকাৰ দায়িত্বশীল হ'ব লাগিব। ৰাষ্ট্ৰসংঘই প্ৰদান কৰা নীতি মতে প্ৰতিগৰাকী মানবে প্ৰাপ্য অধিকাৰ লাভ কৰাত চৰকাৰৰ দায়িত্ব গুৰুত্বপূৰ্ণ।"

দেওবাৰে নলবাৰী চহৰৰ গাতে লগা জাপাৰকুছিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত সভাপতি ৰজনী বৰ্মনৰ সভাপতিত্বত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষে অনুষ্ঠিত আলোচনা সভাত মুখ্য অতিথি হিচাপে যোগদান কৰি জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ প্ৰচাৰ আৰু, জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে এনেদৰে কয়। ভাষণ প্ৰসংগত বৰ্মনে মানৱ সমাজৰ পৰা শোষণ, বঞ্চনা,প্ৰতাড়না,দমন,পীড়নৰ বিপৰীতে এখন শান্তিপূৰ্ণ আদৰ্শবাদী সমাজতহে মানবৰ কল্যান সম্ভৱ বুলি কয়।

তেওঁ পুনৰ কয়- আমাৰ সমাজত একো আন উপাৰ্জন নথকা একাংশ জ্যেষ্ঠ নাগৰিকে মাহেকে ২৫০ টকা চৰকাৰীভাৱে পোৱা বৃদ্ধ পেন্সনেৰে কেনেদৰে পৰিয়াল চলাইছে জনপ্ৰতিনিধি সকলে খবৰ লোক। প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ নিজৰ সমষ্টিৰ প্ৰকৃত তথ্যলৈ সদনত আলোচনা কৰি দুঃখিত মানুহৰ কল্যাণৰ হকে কাম কৰাৰ সময় সমাগত।

ফিনলেণ্ড, নৰৱে,চুইডেন, কিউবা, জাপান আদি দেশৰ জনজীৱনৰ আৰ্থিক অৱস্থাৰ লগত আমাৰ অৱস্হাৰ সমীক্ষা কৰিলে ওলাই পৰিব আমাৰ স্থিতি কি। সভাত নিৰ্দিষ্ট বক্তা হিচাপে যোগদান কৰি অৱসৰী কৃতি শিক্ষক বাবুল বৰ্মনে মানৱ অধিকাৰ দিৱসৰ প্ৰসংগত ফৰাছী বিপ্লৱৰ প্ৰসংগ লৈ মানব অধিকাৰ তাৎপৰ্য ব্যাখ্যা কৰে।

জাপাৰকুছি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিনন্দ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত নিৰ্দিষ্ট বক্তা ডা,গজেন্দ্ৰ নাথ ডেকাই আজিৰ দিনটো "অসম ছহিদ দিৱস" হিচাপে তাৎপৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰি ছাত্ৰনেতা ছহিদ খৰ্গেশ্বৰ তালুকদাৰক হত্যা কৰা হৈছিল ব্যাখ্যা কৰি অসম আন্দোলনত ৮৫৫ জন ছহিদ হৈছিল গুৰুত্বপূৰ্ণ আলোচনা কৰে।

আন এগৰাকী নিৰ্দিষ্ট বক্তা অৱসৰী স্বাস্থ্যকৰ্মী লক্ষ্মীনাৰায়ণৰ বৰ্মনে আজিৰ দিনটো অসমৰ খ্যাতিমান চিন্তাবিদ হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন অন্ধবিশ্বাস আৰু কুস্ংস্কাৰ দিৱস হিচাপে আমাৰ সমাজত চলি থকা নানা ধৰণৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ ফলত সৃষ্টি হোৱা অপায় অমংগলীয়া ঘটনাৰ পমখেদি মনোজ্ঞ আলোচনা কৰে। সভাপতিৰ বক্তব্যত ৰজনী বৰ্মনে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসকে ধৰি আজিৰ আলোচনাত যোগদান কৰি জ্যেষ্ঠ নাগৰিক সকলৰ শলাগ লয়।

সমজুৱাৰ বক্তব্যত জ্যেষ্ঠ নাগৰিক গৌৰী বৰ্মনে দহৰ উন্নতিত নাগৰিকৰ দায়বদ্ধ তাৰ ওপৰত ব্যাখ্যা কৰে। দিনজোৰা কাৰ্যসূচী হিচাপে ৰাতিপুৱা ৰজনী বৰ্মনে পতাকা উত্তোলন কৰাৰ পিছত স্মৃতিতৰ্পন কৰে নলবাৰী নাট্য সন্মিলনৰ সভাপতি সুশীল মেধিয়ে।

নলবাৰীত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন
চন্দ্ৰপুৰত মালবাহী ৰে'লগাড়ীৰ লাইচ্যুত : উজনি লৈ যাতায়ত কৰা সকলোবোৰ ৰে'লগাড়ীৰ চলাচল বন্ধ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in