হিতেশ ডেকাৰ জন্ম শতবার্ষিকী উদ্‌যাপনৰ আয়োজন

author-image
Asomiya Pratidin
New Update
হিতেশ ডেকাৰ জন্ম শতবার্ষিকী উদ্‌যাপনৰ আয়োজন

ডিজিটেল সংবাদ, নলবাৰীঃ অসম সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ সৰ্থেবাৰী স্বর্ণ শাখা 'ভাৰতী অধ্যয়ন চক্ৰ'ৰ যৌথ উদ্যোগত জনপ্রিয় ঔপন্যাসিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাদেৱৰ জন্ম শতবার্ষিকী উদ্‌যাপন কৰিবলৈ আয়োজন কৰা হৈছে। ডেকাদেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি ১৮ ফেব্ৰুৱাৰীত সৰ্থেবাৰী ৰাজহুৱা পুথিভঁৰালত শ্রদ্ধাঞ্জলি আৰু বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Advertisment

এই সন্দৰ্ভত অসম সাহিত্য সভাৰ প্রধান সম্পাদক ডঃ উপেন্দ্রজিৎ শর্মা আৰু ভাৰতী অধ্যয়ন চক্রৰ সম্পাদক গুণজিৎ চৌধুৰীয়ে জনোৱা অনুসৰি পুৱা ৮ বজাত হিতেশ ডেকাৰ জন্মস্থান সর্থেবাৰী পাটোৱাৰী চুবুৰিৰপৰা সৰ্থেবাৰী ৰাজহুৱা পুথিভঁৰাললৈ প্রতিচ্ছবি লৈ শোভাযাত্রা কৰা হ’ব। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি শতবার্ষিকী উদ্‌যাপনৰ শুভাৰম্ভ কৰিব ভাৰতী অধ্যয়ন চক্রৰ সভাপতি খগেন্দ্রনাথ ভূঞাই।

শ্রদ্ধাঞ্জলি অনুষ্ঠানত বন্তি জ্বলাব বৰপেটা জিলা সাহিত্য সভাৰ উপ সভাপতি বাণীকান্ত ভূঞাই। মাল্যার্পণ কৰিব নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই। মুখ্য স্মৃতি তর্পক হিচাপে স্মৃতি তৰ্পণ কৰিব হিতেশ ডেকাৰ বৰপুত্র তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰবীন্দ্র অধ্যাপক ডঃ উমেশ ডেকাই। ইয়াৰ পাছতে ভাৰতী অধ্যয়ন চক্ৰৰ উপদেষ্টাবৃন্দ ক্ৰমে মথুৰামোহন গোস্বামী, ডঃ গিৰীশ চন্দ্র ডেকা, কুলৰঞ্জন ভূঞা, মৃণাল মল্ল পাটোৱাৰী, অধৰ চন্দ্ৰ ডেকা, খগেশ্বৰ ডেকা, পাৰ্বতী পাটোৱাৰী, গিৰীশ চন্দ্র ডেকা আৰু ডঃ প্রভাত শৰ্মাই স্মৃতি তৰ্পণ কৰিব।

১৮ ফেব্ৰুৱাৰীৰ দিনৰ ১১ বজাত ভাৰতী অধ্যয়ন চক্রৰ সভাপতি খগেন্দ্রনাথ ভূঞাৰ সভাপতিত্বত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ’ব। বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে এই অনুষ্ঠান উদ্বোধন কৰিব। উক্ত অনুষ্ঠানত সৰুক্ষেত্রীৰ বাপুজী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ধনজিৎ ডেকা আৰু জ্ঞানপীঠ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰবক্তা ডঃ মন্‌জু হালৈয়ে নির্দিষ্ট বক্তা হিচাপে ভাগ ল’ব। মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্রধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই ভাষণ প্ৰদান কৰিব।

বিশিষ্ট অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য দিলীপ কুমাৰ ৰয় আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন কার্যনির্বাহক সদস্য গোবিন্দ তালুকদাৰে অংশ ল’ব। আমন্ত্রিত অতিথি হিচাপে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক নয়নমণি চৌধুৰী, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস আৰু বৰপেটাৰ বিশিষ্ট সাংস্কৃতিক কর্মী প্রমোদ চন্দ্র দাসে ভাগ ল’ব এই অনুষ্ঠানত।

Also Read: প্ৰথমে দুৰ্ঘটনা তাৰ পাছত বিস্ফোৰণ : ক'ত কেনেকৈ সংঘটিত হ'ল এই ঘটনা...

nalbari Sarthebari assam sahitya sabha