/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b18ee9eb-8a77-421f-a012-3d1a853261fc/2.jpg)
ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ পূব বৰক্ষেত্ৰী মৌজাৰ লোহাৰকাঠাত দেওবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাইজমানী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা ৷ লোহাৰকাঠা যুৱক সংঘৰ উদ্যোগত প্ৰয়াত নপচেৰ আলী ফুটবল প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক তথা বিজেপি নেতা ৰুবুল আলীয়ে৷
লোহাৰকাঠা যুৱক সংঘৰ খেলপথাৰত সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত প্ৰাইজমানী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখনত ঘোগা বদনি স্পোৰ্টচ ক্লাৱে আধিয়াৰপাৰা অমৰজ্যোতি সংঘক নিৰ্ধাৰিত সময়ত ৩-০ গলত পৰাস্ত কৰে ৷
খেল আৰম্ভনিৰ পূৰ্বে লোহাৰকাঠা যুৱক সংঘৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান৷ নাজিমউদ্দিন আহমেদে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত কোকৰাঝাৰ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰভাৰী তথা সমাজকৰ্মী ৰুবুল আলীয়ে খেল উদ্বোধন কৰি নৱপ্ৰজন্মক ক্ৰীড়াৰ যোগেদি সমাজ সংস্কাৰ কৰিব লাগিব বুলি কৈ নতুন প্ৰজন্মক খেলৰ স'তে জড়িত হ'বলৈ আহ্বান জনায়৷
উদ্বোধনী খেলত বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলী, ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা ইলিয়াছ আলী, লোহাৰকাঠা-আদাবাৰী গাঁও পঞ্চায়তৰ সচিব বিৰাজ কলিতা, বৰভাগ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া আমজাদ আলী, প্ৰয়াত নপচেৰ আলীৰ পৰিয়াল বৰ্গকে ধৰিকে ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
Also Read: চাহ জনগোষ্ঠীৰ লোকে দেখুৱালে আধ্যাত্মিকতাৰ ব্যতিক্ৰমী নিদৰ্শন