বৰিমাখাত ‘দিহা নাম’ আৰু ‘খেৰাই নাচ’ কৰ্মশালাৰ আয়োজন

বৰিমাখাত ‘দিহা নাম’ আৰু ‘খেৰাই নাচ’ কৰ্মশালাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
বৰিমাখাত ‘দিহা নাম’ আৰু ‘খেৰাই নাচ’ কৰ্মশালাৰ আয়োজন

ডিজিটেল সংবাদ, নলবাৰী: বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত ‘দিহা নাম’ আৰু ‘খেৰাই নাচ’ৰ কৰ্মশালাৰ আয়োজন। অসম সাহিত্য সভাৰ অসমৰ পৰিৱেশ্য কলা সংবৰ্ধন আৰু সংৰক্ষণ সমিতিৰ উদ্যোগত বাক্সা জিলা সাহিত্য সভাৰ অন্তৰ্গত বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত ‘দিহা নাম’ আৰু ‘খেৰাই নাচ’ৰ কৰ্মশালা আয়োজনৰ দিহা কৰা হৈছে।

Advertisment

এই বিষয়ে বিতংভাৱে আলোচনা কৰাৰ বাবে শুকুৰবাৰে আনন্দপুৰ প্ৰাথমিক বিদ্যালয়ত বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত এখন সভা সম্পন্ন হয়। সভাখনত পৌৰোহিত্য কৰে অসমৰ পৰিৱেশ্য কলা সংবৰ্ধন আৰু সংৰক্ষণ সমিতিৰ সভাপতি মধুসূদন মেধিয়ে।

'চিৰ চেনেহী মোৰ ভাষা জননী...' শীৰ্ষক বৃন্দ গীতেৰে উক্ত সভাখন আৰম্ভ কৰা হয়।সভাখন আয়োজনৰ বিষয়ে অসমৰ পৰিৱেশ্য কলা সংবৰ্ধন আৰু সংৰক্ষণ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰে ব্যাখ্যা কৰে।

সভাত অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, বাক্সা জিলা সাহিত্য সভাৰ উপ সভাপতি হলধৰ কুমাৰ, বাক্সা জিলা সাহিত্য সভাৰ সম্পাদক যামিনী দাস তালুকদাৰ, অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক দামোদৰ তালুকদাৰ, বিশিষ্ট শিক্ষাব্ৰতী নগেন চন্দ্ৰ দাস, সভা ৰাম দাস উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম ৰাজবংশী, আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ সম্পাদক গোকুল ৰাজবংশী, আনন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন্দ্ৰ নাথ শৰণীয়া, শিক্ষক অখিল বৰ্মন, বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ সভাপতি উপেন চন্দ্ৰ দাস, সম্পাদক মনোহৰ ৰাজবংশী প্ৰমুখ্যে কেইবাগৰাকী লোকে কৰ্মশালাখন আয়োজন সন্দৰ্ভত মতামত আৰু পৰামৰ্শ আগ বঢ়ায়।

সভাই অক্টোবৰত এই কৰ্মশালাখন আয়োজনৰ লক্ষ্যৰে আদৰণী সমিতি গঠনৰ বাবে নগেন চন্দ্ৰ দাসক সভাপতি, গৌতম ৰাজবংশীক কাৰ্যকৰী সভাপতি, ৰঞ্জন তালুকদাৰ আৰু গোকুল ৰাজবংশীক যুটীয়া সম্পাদক হিচাপে লৈ এখন আহ্বায়ক সমিতি গঠন কৰে। অসম সংগীতেৰে সভা সামৰা হয়।

Also Read: কঠাঁলগুৰি কেন্দ্ৰীয় উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

workshop folk culture baksa