/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
ডিজিটেল ডেস্ক : প্ৰবাদ পুৰুষ ডা° বিধান চন্দ্ৰ ৰায়ৰ স্মৃতিত উদযাপিত হৈ অহা চিকিৎসক দিৱস এই বছৰ চি.আৰ.ইউ. নলবাৰীৰ দ্বাৰা অহা ১ জুলাইত দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত পালন কৰিবলৈ যো-জা চলোৱা হৈছে । চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে একোজন বিশিষ্ট চিকিৎসকক সম্বৰ্ধনা জনাই অহা হৈছে ।
জানিবলৈ দিয়া মতে, এই বছৰো নলবাৰীৰ এজন সু চিকিৎসক ডা° মনোৰঞ্জন শৰ্মাক চি.আৰ.ইউ. নলবাৰীৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হ’ব । উক্ত দিনা ৰাতিপুৱা ৮:৪৫ বজাত নলবাৰীৰ শান্তিপুৰস্থিত আই.এম. এ. হাউচত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।
প্ৰতিযোগিতাখন উদ্বোধন কৰিব বিশিষ্ট চিত্ৰশিল্পী অবিনাশ মজুমদাৰে । ভৰ্তিমাছুল বিহীন প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত কৰা হ’ব বুলি আয়োজক সমিতিয়ে জনায় ।
"ক" শাখা চতুৰ্থ শ্ৰেণীলৈ,বিষয়বস্তু নিজৰ পচন্দ অনুযায়ী, "খ" শাখা পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, বিষয়বস্তু বানপানী সন্দৰ্ভত যিকোনো চিত্ৰ আৰু "গ" শাখা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ,বিষয়বস্তু চিকিৎসাৰ লগত জড়িত যিকোনো চিত্ৰ ।
ইয়াৰ পিছত নলবাৰী আমছা হাউচত দিনৰ ১২:৩০ বজাত এখন ৰাজহুৱা সভা আয়োজন কৰা হৈছে । ডা° বিধান চন্দ্ৰ ৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰা হৈছে বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক ড° সুশান্ত কুমাৰ কাশ্যপ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী জিলাৰ যুটীয়া স্বস্থ্য সঞ্চালক ডা°সুভাস চন্দ্ৰ শৰ্মা। উক্ত সভাতে চিকিৎসক ডা° মনোৰঞ্জন শৰ্মাক চি.আৰ.ইউ. নলবাৰীৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হ’ব ।
Also Read: বুঢ়ীদিহিং মৌজাক সুকীয়া সমষ্টিৰূপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদী সভা