/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-03/ccv36sbs/12e8e0d7-f6df-476f-9300-d65f7d9c7ef8.jpg)
ডিজিটেল সংবাদ, নলবাৰী : ‘‘অসমীয়া ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতিৰ পাছতো আমাৰ কৰণীয় বহু আছে। ভাষাটোক সকলোৱে আন্তিকতাৰে ভাল পাব লাগিব। শ্ৰদ্ধা সহকাৰে ভাষাটো ক’ব, লিখিব, পঢ়িব আৰু আনক পঢ়াৰ বাবে অনুপ্ৰেৰণা যোগাব লাগিব।
নহ’লে ভাল বীণ এখন নবজালে কোনো সুৰৰ সৃষ্টি নোহোৱাৰ দৰে অসমীয়া ভাষাটোৰো সংবৰ্ধন নহ’ব। শ্ৰদ্ধা আৰু আন্তৰিকতা অবিহনে ভাষাটো ধ্ৰুপদী হিচাপে স্বীকৃতি লাভৰ পাছত কৰা আনন্দৰ কোনো মান নাথাকিব।’’ এই মত আগবঢ়াইছে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভা পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য পংকজ বেজবৰুৱাই।
নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰপৰা স্বৰ্ণ শাখা হিচাপে স্বীকৃত জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সভাঘৰত ৩ নৱেম্বৰত হোৱা ‘ধ্ৰুপদী অসমীয়া ভাষা আৰু আমাৰ কৰণীয়’ শীৰ্ষক এখন আলোচনা সভা হয়। এই সভাত মুখ্য আলোচক হিচাপে ভাগ লৈ সাহিত্য সংগঠকগৰাকীয়ে অসম চৰকাৰে ভাষা গৌৰৱ সপ্তাহ উদ্যাপনৰ বাবে লোৱা ব্যৱস্থাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিও চৰকাৰৰ উচ্চ পদস্থ বিষয়াই ভাষাটোৰ প্ৰতি দেখুওৱা আন্তৰিকতাহীন বা দায়িত্বহীন কাৰ্যত আক্ষেপ প্ৰকাশ কৰে।
নলবাৰী জিলাৰ শিক্ষানুষ্ঠানবোৰত এই দিৱস উদ্যাপনৰ বাবে অতিৰিক্ত জিলা আয়ুক্তৰদ্বাৰা প্ৰেৰিত ( ই নং ৬৯৫৪৩/১০৪) চিঠি ইংৰাজী ভাষাত লিখা কাৰ্যতে ইয়াৰ স্বৰূপ প্ৰকাশ হৈছে বুলিও তেওঁ দোহাৰে। জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সভাপতি কান্তেশ্বৰ কলিতাৰ পৌৰোহিত্যত হোৱা এই সভাখন আয়োজনৰ উদ্দেশ্য ব্যাখা কৰে শাখাখনৰ সম্পাদক দৰ্পণা কলিতাই।
অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাণকৃষ্ণ ভৰালীক সভাত সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাখনত জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰিয়নাথ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে হৰেকৃষ্ণ ডেকা আৰু ডিম্বেশ্বৰ ডেকায়ো ভাষণ দিয়ে। শিক্ষাৰ্থী শিৱানী কলিতাই সাঁথৰ সোধে। লেখক হৰেকৃষ্ণ দাস, অৱন্তিকা কলিতা আৰু অলিষ্মিতা শৰ্মাই কবিতা আবৃত্তি কৰে।
অনুষ্ঠানত সন্তোৰাম কলিতা, সদানন্দ ভঁৰালী, ধীৰেন্দ্ৰ কলিতা, শেৱালি কলিতা, কল্যাণপ্ৰসাদ শৰ্মা, অজিত হালৈ, প্ৰদীপ দত্ত, মহেন্দ্ৰ ডেকা, গীতুমণি পাঠক, পৰিষ্মিতা শৰ্মা, নিৰঞ্জন পাটগিৰি, সৎৰাম ৰাজবংশী, মুকুল শৰ্মা, ভাস্কৰজ্যোতি কলিতা প্ৰমুখ্যে ভালেকেইগৰাকী সাহিত্যসেৱীয়ে প্ৰাসংগিক ইতিবাচক মতামত প্ৰদান কৰে।
Also Read: চৰাইদেউত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন