ডিজিটেল সংবাদ, নলবাৰীঃ শিক্ষাগুৰু সৰ্বদা স্ব-গৰিমাৰে সম্পদশালী। ধন, সোণ প্ৰাচুৰ্যৰে নহয় জ্ঞান আৰু প্ৰজ্ঞাৰ সম্পদৰে প্ৰতিগৰাকী শিক্ষক ধনাঢ্য। বিদ্যাৰ্থীৰ আত্মসত্তা বিকাশ সাধন কৰিবলৈ যিয়ে অহোপুৰুষাৰ্থ কৰে যথাৰ্থতে তেওঁ পূৰ্ণাংগ শিক্ষক। ৩৬ বছৰীয়া গৌৰৱময় শিক্ষকতাৰ বৃত্তি সামৰি অৱসৰ গ্ৰহণ কৰা চান্দকুছি পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য ডেকাৰ বিদায় সম্ভাষণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট নাট্যকাৰ, শিক্ষাব্ৰতী তথা অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই।
বৃহস্পতিবাৰে বিদ্যালয়ৰ সভাকক্ষত পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি চানফুল বেজবৰুৱাৰ সভাপতিত্বত বহা সভাত ডেকাৰ দীৰ্ঘকালীন শিক্ষক জীৱনৰ দীঘ আৰু বাণিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় সেই তাহানিতে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ মানুহজনে ছাত্ৰ, ছাত্ৰীৰ মৰমৰ বাবে শিক্ষক হৈ থাকি গ'ল, বিডিঅ হ'ব নিবিচাৰিলে । সেয়াই প্ৰমাণ কৰে তেওঁৰ সততা ।
বিজ্ঞানৰ গৰ্ভত জন্ম লাভ কৰিও তেওঁ আছিল অসমীয়া ভাষাৰ শব্দকোষ আছিল বুলিও সাহিত্যিক শৰ্মাই মন্তব্য কৰে। নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক নৰেন্দ্ৰ মজুমদাৰে আঁত ধৰা আৰু উদ্দেশ্যে বাখ্যা কৰা সভাখনত নৱনিযুক্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুলেশ মল্ল বুজৰ বৰুৱাই বিদ্যালয়ত ত্ৰৈলোক্য ডেকাৰ সতে কটোৱা ত্ৰিশ বছৰীয়া সুশীল সান্নিধ্যৰ কথা আৱেগিক হৈ ব্যক্ত কৰে ।
তেওঁ কয় অতীতৰ তিতা মিঠা অভিজ্ঞতা বৰ্তমানৰ মধুৰ স্মৃতি। ইফালে বিদায় সম্ভাষণ গ্ৰহণ কৰি বিদায়ী শিক্ষক ত্ৰৈলোক্য ডেকাই মনৰ অনুভৱ প্ৰকাশ কৰি কয় - এই বিদ্যালয় মোৰ জীৱনৰ পৱিত্ৰ উপাসনাথলী । মই জীৱনে মৰণে চিৰঋণী এই শৈক্ষিক প্ৰতিষ্ঠানৰ, যিয়ে দিছে মোক নতুন জীৱন । নতুন প্ৰজন্মৰ শিক্ষক সকলক উদ্দেশ্যে তেওঁ কয় -আমাৰ দিনৰ শিক্ষা ব্যৱস্থা এতিয়াৰে তুলনা কৰি লাভ নাই। এতিয়া ডিজিটেল পদ্ধতিৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়।
নতুন নতুন চিন্তাধাৰাৰ মাজেৰে গতি কৰিছে দেশৰ শিক্ষা ব্যৱস্থা। সভাত বিদায়ী শিক্ষক গৰাকীৰ জীৱন কৃতি আৰু নেতৃত্বৰ কুশলতাৰ ওপৰত বিশেষ ভাৱে ভাষণ প্ৰদান কৰে বিশিষ্ট শিক্ষাব্ৰতী দিলীপ তালুকদাৰ , হেমেন তামুলী আৰু প্ৰনৱ ডেকাই । অনুষ্ঠানটোত মনৰ অনুভৱ পলকতে প্ৰকাশ কৰে শিক্ষক দিগন্ত তহবিলদাৰ, মহচিন আলী, মুকুট ডেকা, ভৱেশ মল্ল বুজৰ বৰুৱা,যাদৱ চন্দ্ৰ কলিতা, দুষ্মণ্ট ডেকা আৰু প্ৰদীপ দাসে । বিদ্যালয়ৰ জেষ্ঠ শিক্ষয়িত্ৰী বনানী তহবিলদাৰ, পূণ্য কোঁৱৰ, অলিস্মিতা হালৈ,পূৰৱী তালুকদাৰ আৰু দীপাঞ্জলি তালুকদাৰৰ সুললিত কণ্ঠত গোৱা সমবেত সংগীতৰ লহৰে সভাৰ পৰিৱেশ গাম্ভীৰ্যপূৰ্ণ কৰি তোলে ।
সমাজ জীৱনৰ সমাদৃত শিক্ষক ডেকাক আজি বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী সমাজে অসমীয়া শিপিনীৰ গামোচা , ফুলাম জাপি, পেন্ট চাৰ্ট, ছয় চেৰীৰ পিতলৰ শৰাই, কীৰ্তন ঘোষা সহিতে কিতাপৰ টোপোলা, ছত্ৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
সমান্তৰালকৈ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষক কৰ্মচাৰীয়ে নিজাববীয়াকৈ গামোচা, মানপত্ৰ, কিতাপ আদিৰে বিদায় সম্ভাষণ জনায় আৰু অনুষ্ঠানটোক কাব্যিক ৰূপ দিয়া হয়। সম্বৰ্দ্ধনা জনোৱা আন ব্যক্তি -অনুষ্ঠানৰ মাজত আছিল প্ৰাক্তন ছাত্ৰ নেতা জ্যোতিষ বৰ্মন, গংগা পুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষক কমল মেধি, গোপালথান পলিটেকনিকেল ইনষ্টিটিউশ্যনৰ প্ৰধান শিক্ষক ৰূপ কুমাৰ শৰ্মা, আৰিকুছি মিলন হাইস্কুলৰ প্ৰধান শিক্ষক জিতুমণি গোস্বামী, শিক্ষাব্ৰতী জিতেন শৰ্মা, গোপাল থান বালিকা বিদ্যামন্দিৰৰ প্ৰধান শিক্ষক মুকুল শৰ্মা,প্ৰাক্তন ছাত্ৰ নেতা সীমান্ত দাস, কনিষ্ঠ সহায়ক দুষ্মণ্ট ডেকা, প্ৰদীপ দাস, অঞ্জু দাস , জনো দাস , সনজিত মল্ল বুজৰ বৰুৱা আৰু ছাত্ৰ একতা সভাৰ সম্পাদক আতিকুৰ ৰহমান, ক্ৰীড়া সম্পাদক মনোৱাৰ ৰহমান প্ৰমুখ্যে নৱম- দশম, শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকল তথা একাংশ প্ৰাক্তন ছাত্ৰ ।