নলবাৰীত কেবিনেট বৈঠক : সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত,পঢ়ক সবিশেষ...

ৰুদ্ৰাক্ষৰ পুলি ৰোপণেৰে বৈঠকৰ শুভৰাম্ভ, নলবাৰী জিলাৰ OBB শিক্ষকসকললৈ ২লাখকৈ এককালীন সাহায্য প্রদানৰ সিদ্ধান্ত
নলবাৰীত কেবিনেট বৈঠক : সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত,পঢ়ক সবিশেষ...
Published on
Updated on

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে নলবাৰী জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে।

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গ্ৰহন কৰা সিদ্ধান্তসমূহ ৰাজহুৱা কৰে।

নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেটৰ সিদ্ধান্তসমূহ হ'ল-

  • সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত।

  • নলবাৰীৰ ৪ধৰ্মীয় স্থানলৈ ৩কোটিকৈ টকা দিব ৰাজ্য চৰকাৰে।

  • ঐতিহ্যমণ্ডিত এম এন চি কলেজত আৰম্ভ হ’ব বিজ্ঞান শাখা।

  • নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ নিৰ্মাণ কৰিব উৰণসেতু।

  • মটৰ চাইকেলত হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা।

  • অন্যথা আন কাৰণত আপুনি ভৰিব নালাগে জৰিমনা।

  • ৩চকীয়া বাহনৰ ক্ষেত্ৰতো নাথাকিব জৰিমনা।

  • ৩চকীয়া বাহনে ৪বাৰ নিয়ম ভংগ কৰিলেহে ভৰিব লাগিব জৰিমনা।

  • ড্ৰিংক এণ্ড ড্ৰাইভত থাকিব জৰিমনা।

  • নলবাৰীত নিৰ্মাণ হ’ব অত্যধুনিক ষ্টেডিয়াম।

  • নলবাৰী জিলাৰ OBB শিক্ষকসকললৈ ২লাখকৈ এককালীন সাহায্য প্রদান কৰা হ’ব।

  • ৩০ ছেপ্টেম্বৰৰ ভিতৰত লাখ টকাকৈ দিয়া হ’ব শিক্ষকসকলক।

  • নলবাৰী জিলাত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব।

  • মৰাপাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত নিৰ্মাণ কৰা হ’ব মথাউৰি।

  • টিহু সমষ্টিত ১৬ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব।

  • বৰক্ষেত্রীত ৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰুদ্ৰাক্ষ পুলি ৰোপণেৰে নলবাৰীত অনুষ্ঠিত অসম চৰকাৰৰ ১৪ সংখ্যক বহি:ৰাজধানী কেবিনেট বৈঠকখনৰ শুভাৰম্ভ কৰে। বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, কেশৱ মহন্ত আদিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰী উপস্থিত থাকে। ইয়াৰোপৰি আজিৰ বৈঠকত বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

নলবাৰীত কেবিনেট বৈঠক : সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত,পঢ়ক সবিশেষ...
আমগুৰিৰ হালোৱাটিঙত বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in